• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজা আৰ্মি স্কুল স্থাপন আৰ এছ এছৰ, তৈয়াৰ কৰিব ভাৰতীয় সেনাৰ সৈনিক

এন ই নাও নিউজ by এন ই নাও নিউজ
August 1, 2019 7:47 pm
RSS army school: RSS to start its own army school

প্ৰতিনিধিত্বমূলক চিত্ৰ।

1.2k
VIEWS
Share on FacebookShare on Twitter

ৰাষ্ট্ৰীয় স্বয়মসেৱক সংঘই এখন আৰ্মি স্কুল স্থাপনৰ কাম পূৰ্ণগতিত আৰম্ভ কৰিছে।

খবৰ মতে, উত্তৰ প্ৰদেশৰ বুলন্দশ্বেহেৰত নিৰ্মীয়মান এই বিদ্যালয়ত অধ্যয়নৰ বাবে সংগঠনটোৱে চলিত মাহৰ পৰা আবেদন আহ্বান কৰিব।

ভাৰতীয় সেনা বাহিনীসমূহত ভৰ্তি হোৱাৰ বাবে বিদ্যাৰ্থীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে সোঁপন্থী সংগঠনটোৱে এই বিদ্যালয়খন আৰম্ভ কৰিছে।

বাতৰি মতে, অহা বছৰ এপ্ৰিলত পাঠদান আৰম্ভ হ’ব লগা বিদ্যালয়খনৰ প্ৰথমটো শ্ৰেণীত ১৬০খন আসন থাকিব।

ইয়াৰে ৫৬খন আসন কৰ্তব্যৰত অৱস্থাত মৃত্যু হোৱা ভাৰতীয় সৈনিকৰ পুত্ৰসকলৰ বাবে সংৰক্ষিত হ’ব।

বিদ্যালয়খন আৰ এছ এছৰ শিক্ষা গোট বিদ্যা ভাৰতীৰ অধীনত পৰিচালিত হ’ব।

বুলন্দশ্বেহেৰৰ শ্বিকাৰপুৰত ২০ বিঘা মাটিত সম্পূৰ্ণ আৱাসিক বিদ্যালয়ৰূপে গঢ়িব লগা এই বিদ্যালয়ে চি বি এচ ই পাঠ্যক্ৰম আগবঢ়াব।

ষষ্ঠ মানৰ পৰা দ্বাদশ শ্ৰেণীলৈকে এই বিদ্যালয়ে পাঠ্যক্ৰম আগবঢ়াব।

প্ৰাক্তন সৈনিক ৰাজপাল সিঙে সংঘক দান দিয়া মাটিত যোৱা আগষ্টৰ পৰা বিদ্যালয়খনৰ নিৰ্মাণ চলি আছে।

বিদ্যালয়খনৰ নাম ৰখা হৈছে ৰাজ্জু ভাইয়া সৈনিক বিদ্যা মন্দিৰ।

আৰ এছ এছৰ প্ৰাক্তন সৰসংঘচালক (সৰ্বাধিনায়ক) ৰাজেন্দ্ৰ সিঙৰ নামত বিদ্যালয়খন উচৰ্গা কৰা হৈছে।

ৰাজেন্দ্ৰ সিং বা ৰাজ্জু ভাইয়া আছিল সংগঠনটোৰ প্ৰথম “অ-ব্ৰাহ্মণ” আৰু “অ-মাৰাঠী” সৰসংঘচালক।

বুলন্দশ্বেহেৰ ৰাজেন্দ্ৰ সিঙৰ জন্মস্থান। ২০০৩ চনত মৃত্যু হোৱা ৰাজেন্দ্ৰ সিং ১৯৯৪ৰ পৰা ২০০০ চনলৈকে সংঘৰ সৰসংঘচালক আছিল।

বিদ্যা ভাৰতীৰ পশ্চিম উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড অঞ্চলৰ আঞ্চলিক সমন্বয়ক অজয় গোৱেলৰ উদ্ধৃতিৰে প্ৰকাশিত বাতৰি মতে, বিদ্যালয়খন পৰীক্ষামূলকভাৱে আৰম্ভ কৰিবলৈ লোৱা হৈছে।

এই পৰীক্ষা সফল হ’লে দেশৰ আন ঠাইটো অনুৰূপ বিদ্যালয় সংঘই স্থাপন কৰিব, গোৱেলে জনায়।

অসমত শংকৰদেৱ শিশু/ বিদ্যা নিকেতনসমূহ পৰিচালনা কৰা বিদ্যা ভাৰতীৰ অধীনত সমগ্ৰ ভাৰতত প্ৰায় ১২০০০ স্কুল চলি আছে।

২০১৬ চনত এই বিদ্যালয়সমূহত পঢ়ি থকা শিক্ষাৰ্থীৰ সংখ্যা আছিল প্ৰায় ৩০ লাখ।

আৰ এছ এছৰ উদ্যোগত স্থাপিত হ’ব লগা এই বিদ্যালয়খনেই হ’ব দেশৰ প্ৰথমখন বেচৰকাৰী সৈনিক বিদ্যালয়।

বৰ্তমান ভাৰতৰ থকা সৈনিক বিদ্যালয়সমূহ প্ৰতিৰক্ষা মন্ত্ৰ্যালয়ে যোগান ধৰা ৰাজহুৱা পুঁজিত চলে।

জৱাহৰলাল নেহৰু চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী ভি কে কৃষ্ণ মেননৰ সৃষ্টি এই সৈনিক বিদ্যালয়সমূহ সৈনিক বিদ্যালয় সমাজে পৰিচালনা কৰি আহিছে।

Recent News

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

পাকিস্তানে মুকলি কৰিলে আকাশমাৰ্গ, যুদ্ধ বিৰতিৰ পাছতে তৎপৰ পাকিস্তান

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

আনুষ্ঠানিকভাবে যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত-পাকিস্তানে

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

ভাৰত-পাকিস্তান যুদ্ধৰ সম্ভাৱনা! টেৰিটৰিয়েল আৰ্মীত কি ভূমিকা হ’ব শচীন-ধোনী-নীৰজৰ? 

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

উত্তেজনাৰ মাজতে যুদ্ধবিৰতিৰ বাবে সন্মতি ভাৰত আৰু পাকিস্তানৰ- ঘোষণা ট্ৰাম্পৰ, আনুষ্ঠানিক ঘোষণা কৰা নাই ভাৰতে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd