আৰক্ষীৰে হতাহতিত লিপ্ত হ’ল আৰএছএছ কৰ্মী, তদন্তৰ দাবীত বিজেপি নেতাৰ অনশন, ক’ত?

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) কেইজনমান সমৰ্থক আৰু আৰক্ষীৰ মাজত হতাহতিয়ে বাতৰিৰ শিৰোনামা দখল কৰিছে।

ঘটনাটো উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ কুম্ভ নামৰ অঞ্চলটোত।

আৰএছএছৰ এজন সদস্যই সংঘৰ এজন প্ৰচাৰকক আৰক্ষীয়ে আক্ৰমণ কৰাৰ পাছতে এই কাণ্ড সংঘটিত হয়।

বহুকেইজন আৰক্ষীক ৰাজহুৱাভাৱে মাৰধৰ কৰা হয়।

ঘটনাটোৰ ভিডিঅ’টোৱে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

অভিযোগমতে, আৰএছএছৰ জিলা প্ৰচাৰক মনোজ কুমাৰে বৃন্দাবনৰ কুম্ভমেলাস্থিত যমুনা নদীৰ ঘাটত গা ধুই থকা অৱস্থাত এজন আৰক্ষীয়ে অশোভণীয় আচৰণ কৰে।

বাতৰিমতে, যমুনা নদীত নামিবলৈ কুমাৰক আৰক্ষীয়ে বাধাপ্ৰদান কৰিছিল।

তাৰ পাছতে আৰএছএছৰ সদস্যসকল আহি আৰক্ষীৰ স’তে হতাহতিত লিপ্ত হয়।

আৰএছএছ কৰ্মীসকলে অভিযোগ কৰে যে আৰক্ষীয়ে তেওঁলোকক মাৰ ধৰ কৰিছিল।

কৰ্মীসকলে আৰক্ষীৰ বিৰুদ্ধে শ্লোগানো আওঁৰাবলৈ ধৰে।

ভিডিঅ’টোত দেখা গৈছে কিছুসংখ্যক কৰ্মীয়ে এজন আৰক্ষীক পাছফালৰ পৰা এটা হেলমেটেৰ আঘাত কৰিছে।

জিলা প্ৰচাৰক মনোজ কুমাৰৰ এজন সহযোগীৰ বিৰুদ্ধে চাব-ইনস্পেক্টৰ সহিতে আৰক্ষীক অপদস্থ কৰাৰ অভিযোগত এখন এজাহাৰ দাখিল কৰা হৈছে।

আনহাতে, বিজেপি মেট্ৰ’পলিটান সভাপতি বিনোদ আগৰৱালে আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অনশনত বহিছে।

বিশ্ব হিন্দু পৰিষদৰ কৰ্মী বাচ্চু সিঙে মনোজ কুমাৰক আক্ৰমণ কৰিবলৈ যোৱা আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল’বলৈ দাবী জনাইছে।