NORTHEAST NOW (Assamese)

গুৱাহাটীস্থিত আৰ এছ এছৰ উত্তৰ-পূবৰ মুখ্য কাৰ্য্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন

August 15, 2018 9:05 am · কল্পজ্যোতি শইকীয়া
আৰ এছ এছৰ গুৱাহাটীৰ কাৰ্য্যালয়ত আজি পুৱাৰ দৃশ্য। ফটো : কল্পজ্যোতি শইকীয়া।

দেশৰ ৭২ সংখ্যক স্বাধীনতা দিৱস সমগ্ৰ দেশতে আজি উদযাপন হৈ থকাৰ সমান্তৰালভাৱে ৰাষ্ট্ৰীয় পতাকাক সন্মান নকৰা বুলি অভিযোগ থকা হিন্দুত্ববাদী তথা বিজেপিৰ আধাৰ সংগঠন আৰ এছ এছৰ গুৱাহাটীৰ কাৰ্য্যালয়তো ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হয়।

মন কৰিব লগীয়া যে বৃহৎ সংগঠনটোৱে স্বাধীনতা দিৱস, গণৰাজ্য দিৱসৰ দৰে গুৰুত্বপূৰ্ণ দিনতো দেশৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন নকৰা কথাটোৱে বিভিন্নজনৰ মনোযোগ আকৰ্ষণ কৰি আহিছে। এই স্থিতিৰ বাবে সমালোচনাৰো সন্মুখীন হৈ আহিছে সংগঠনটো।

কিন্তু যোৱা ২০১৪ চনত মোদীৰ নেতৃত্বত কেন্দ্ৰত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ পিছত সংগঠনটোৰ স্থিতিৰ লক্ষণীয় পৰিৱৰ্তন হোৱা দেখা গৈছে। যোৱা কেইটা বছৰত সংগঠনটোক দেখা গৈছে নিয়মীয়াকৈ পতাকা উত্তোলন কৰা।

আজি পুৱাই সংগঠনটোৰ গুৱাহাটীৰ কাৰ্য্যালয়ত উত্তৰ-পূবৰ প্ৰচাৰ প্ৰমুখ ভাস্কৰ কুলকাৰ্নিয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। গুৱাহাটীৰ কাৰ্য্যালয়ৰ কাৰ্য্যালয় প্ৰমুখ কানুৰাম ডেকাই এই কথা জানিবলৈ দিয়ে।

আনহাতে কানুৰাম ডেকাই কয় যে তেওঁলোকৰ কাৰ্য্যালয়ত কাৰ্য্যালয়টো স্থাপন হোৱাৰ পিছৰ পৰাই স্বাধীনতা দিৱস আৰু গণৰাজ্য দিৱসত নিয়মীয়াকৈ ৰাষ্ট্ৰীয় পতাকা উত্তলোন কৰি অহা হৈছে। পতাকা উত্তোলন নকৰা অভিযোগটো সঁচা নহয়।

উল্লেখযোগ্য যে আৰ এছ এছে সংগঠনটোৰ নাগপুৰৰ মুখ্য কাৰ্য্যালয়ত অতীতত মুঠ চাৰিবাৰ মানহে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে।

Related News