RSS Plans For Expansion: ২০২৫ৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল, কাশ্মীৰত নিজৰ ভেটি মজবুত কৰাৰ পৰিকল্পনা আৰ এছ এছৰ

RSS

RSS Plans For Expansion: ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘ (RSS)য়ে ২০২৫চনৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চল তথা কাশ্মীৰত ইয়াৰ ভেটি মজবুত কৰাৰ পৰিকল্পনা কৰিছে।

সংগঠনটোৰ তিনিদিনীয়া ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সমিতিৰ বৈঠকত উত্তৰ-পূৰ্বাঞ্চল তথা কাশ্মীৰত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ ভেটি সম্প্ৰসাৰণ কৰাৰ বিষয়টো আলোচনা কৰা হয়।

আৰএছএছৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবলে। উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চল তথা কাশ্মীৰত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ যথেষ্ট সেৰেঙা।

Also Read: National Highway severely damaged : জৰাজীৰ্ণ উজনিৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথ; উন্নয়নৰ ঢাক-ঢোল বজোৱা চৰকাৰৰ নাই কাণসাৰ

২০২৫ত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই ইয়াৰ ১০০বছৰীয়া জয়ন্তী উদযাপন কৰিব।

ইপিনে, দেশত ইন্ধনৰ মূল্যবৃদ্ধিৰ মাজতে আৰএছএছে চৰকাৰক বিকল্প শক্তি উৎসৰ সন্ধানত কাম কৰাৰ পৰামৰ্শ আগবঢ়াইছে।

আৰএছএছৰ সাধাৰণ সম্পাদক দত্তাত্ৰেয় হোছাবলে লগতে দেৱালীত আতচবাজী নিষিদ্ধ কৰা বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰি কয় যে কোনো উৎসৱ অগ্ৰাহ্য কৰা উচিত নহয় আৰু এক সৰ্বসন্মত দিশ গ্ৰহণ কৰিব লাগে।