অদ্ভুত ঘটনা! আৰ বি আইৰ পৰা অন্তর্ধান ৮৮০৩২ কোটি টকাৰ ৫০০ টকীয়া নোট

চকু কপালত তোলা কাণ্ড!  ৮৮০০০ কোটিৰো অধিক মূল্যৰ ৫০০ টকীয়া নোট অন্তৰ্ধান! এই নোটবোৰ ৰিজাৰ্ভ বেংকৰ কোষাগাৰত থকাৰ কথা আছিল। কিন্তু নাই। আৰ টি আইৰ এক প্ৰশ্নৰ উত্তৰত এনে তথ্য পোহৰলৈ আহিছে।

শনিবাৰে (১৭ জুন) ফ্ৰী প্ৰেছ জাৰ্নেলত প্ৰকাশিত এক প্ৰতিবেদনত এইটোৱে দাবী কৰা হৈছে। আনহাতে, বেংগালুৰু, নাচিক আৰু দেওৱাছৰ তিনিটা মিন্টত ৮.৮১০.৬৫ কোটি টকাৰ নোট ছপা হৈছিল। ৰিজাৰ্ভ বেংকৰ কোষাগাৰত জমা হোৱাৰ কথা আছিল। কিন্তু নোটবোৰ এতিয়াও অন্তৰ্ধান হৈ আছে।

লগতে পঢ়ক: ৫০ হাজাৰ টকা উৎকোচ লওঁতে হাতেলোটে ধৰা পৰি গ্ৰেপ্তাৰ হ’ল বিশ্ববিদ্যালয়ৰ উপাচাৰ্য

এই সন্দৰ্ভত সমাজ কৰ্মী মনোৰঞ্জন ৰায়ে এখন আৰ টি আই দাখিল কৰিছিল। তথ্যৰ অধিকাৰ আইনৰ ভিত্তিত ঘটনাৰ সত্যতা জানিব বিচাৰিছিল। ইয়াত কোৱা হৈছে যে বাংগালুৰু, নাছিক আৰু দেওৱাছত অৱস্থিত তিনিটা চৰকাৰী মিন্টত ৫০০ টকীয়া নোট ছপা কৰা হৈছে ৮.৮১০.৬৫ কোটি টকা। কিন্তু আৰ বি আইয়ে লাভ কৰিছে মাত্ৰ ৭২৬০ কোটি টকাৰ নোট, মুঠ ১৫৫০.৬৫ কোটি টকাৰ কম নোট আৰ বি আইৰ তহবিলত পৰিছে। সেয়ে নোটখিনি নিৰুদ্দেশ বুলিয়ে ধৰা হৈছে।

যোৱা মাহত আৰ টি আইৰ এক প্ৰশ্নৰ উত্তৰত ২০১৫ চনৰ এপ্ৰিলৰ পৰা ২০১৬ চনৰ মাৰ্চলৈকে নাচিক মিণ্টে প্ৰস্তুত কৰা ২১০ কোটি টকাৰ ৫০০ টকীয়া নোট নিৰুদ্দেশ হোৱাটোও মানি লোৱা হৈছে। গতিকে যদি কোনোবাই পূৰ্বৰ আৰু বৰ্তমানৰ হেৰুওৱা নোটবোৰ একেলগে যোগ কৰে তেন্তে সংখ্যাটো হ’ব ১৭৬০.৬৫ কোটি। কেইবা কোটি টকা ছপা কৰাৰ তথ্য আছে। কিন্তু টকাৰ লেখ-জোখ নাই। নোটবোৰ অন্তৰ্ধান বুলি ক’ব পাৰি।

আৰ টি আইৰ এক প্ৰশ্নৰ উত্তৰত আৰ বি আইয়ে কয় যে নাচিক মিণ্টে নতুনকৈ ডিজাইন কৰা ৫০০ টকীয়া নোট ৩৭৫.৪৫০ কোটি টকাৰ ছপা কৰিছে। কিন্তু আৰ বি আই এৰ ৰেকৰ্ডত দেখা গৈছে যে ২০১৫-১৬ বৰ্ষৰ ভিতৰত তেওঁলোকে মাত্ৰ ৩৪কোটি ৫০ লাখ টকাহে লাভ কৰিছে।

লগতে পঢ়ক: কিছুমান সমস্যাৰ কথা কাকো কোৱা উচিত নহয়; নিষেধ কৰিছে আচাৰ্য চাণক্যই

যোৱা মাহত আৰ টি আইৰ এক প্ৰশ্নত প্ৰকাশ কৰিছে যে একেখন ছপাশালে ২০১৬-২১৫ বিত্তীয় বৰ্ষৰ বাবে আৰ বি আইক ২১০ কোটি টকাৰ ৫০০ টকীয়া নোট যোগান ধৰিছে। সেই সময়ত ৰঘুৰাম ৰাজন আৰ বি আইৰ গৱৰ্ণৰ আছিল। কিন্তু আৰ বি আইয়ে তাৰ কোনো টকা নাপালে।

বেংগালুৰু মিণ্টে জনোৱা মতে, অহা বিত্তীয় বৰ্ষত অৰ্থাৎ ২০১৬-২০১৭ চনত ১,৯৫৩,০০০ কোটি টকাৰ ৫০০ টকীয়া নোট যোগান ধৰিছে। ফ্ৰী প্ৰেছ জাৰ্নেলৰ প্ৰতিবেদন অনুসৰি, তিনিওটা মিন্টৰ পৰা প্ৰেৰণ কৰা নোটৰ মূল্য ৮৮১০ কোটি টকা। কিন্তু আৰ বি আইয়ে লাভ কৰিছে মাত্ৰ ৬,২৬৯ কোটি টকাৰ নতুনকৈ ডিজাইন কৰা ৫০০ টকীয়া নোট। অৱশ্যে এই বিষয়ত আৰ বি আইৰ বিষয়াসকলে এতিয়াও মুখ মেলিবলৈ অনিচ্ছুক।

লগতে পঢ়ক: আপুনি যদি সোনকালে মৰিব নিবিচাৰে, তেনেহ’লে ত্যাগ কৰক এই সাতটা অভ্যাস

ভাৰত চৰকাৰে মিন্টত নোট ছপায়। তাৰপিছত আৰ বি আইলৈ প্ৰেৰণ কৰা হয়। আৰ বি আইয়ে দেশৰ নগদ ধনৰ প্ৰচলন বজাই ৰাখে। অৰ্থাৎ নোট সৰবৰাহ কৰে। তিনিওটা মিন্টে নিয়ম অনুসৰি আৰ বি আইলৈ নোট প্ৰেৰণ কৰিছিল। কিন্তু তেতিয়াৰ পৰা তাৰ কোনো লেখ-জোখ নাই।