• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যসভাৰ সদস্যসকলৰ নামত খৰচ কোটি কোটি টকা; ভ্ৰমণ খৰচৰ কথা শুনিলে চকু কপালত উঠিব!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 22, 2023 6:34 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

634
VIEWS
Share on FacebookShare on Twitter

কেৱল ৰাজ্যসভাৰ সাংসদসকলেই বছৰি কোটি কোটি টকা খৰচ কৰে। তথ্যৰ অধিকাৰ আইন বা আৰ টি আইৰ তথ্য অনুসৰি যোৱা দুবছৰত ৰাজ্যসভাৰ সাংসদসকলৰ দৰমহা, ভাট্টা আৰু অন্যান্য সুযোগ-সুবিধাৰ বাবে প্ৰায় ২০০ কোটি টকা ব্যয় কৰা হৈছে।

আনহাতে, যোৱা দুবছৰত ৰাজ্যসভাৰ সাংসদসকলৰ ভ্ৰমণৰ বাবে ব্যয় হৈছে ৬৩ কোটি টকা। ২০২১-২২ বৰ্ষৰ কৰ’না মহামাৰীৰ পিছত ৰাজ্যসভাৰ সদস্যৰ বাবে  ৯৭ কোটি টকাৰো অধিক ব্যয় কৰা হৈছে।

সাংসদসকলৰ বাবে কেৱল দেশৰ অভ্যন্তৰৰ ভ্ৰমণৰ বাবে ২৮.৫ কোটি টকা ব্যয় কৰা বুলি আৰ টি আইৰ তথ্যই প্ৰকাশ কৰিছে। সেইদৰে, আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণৰ বাবে ৰাজকোষৰ পৰা ১.২৮ কোটি টকা ব্যয় কৰা হৈছে। ৫৭.৬ কোটি টকা দৰমহা প্ৰদানৰ বাবে ব্যয় কৰা হৈছে।

লগতে পঢ়ক: আকৌ মণিপুৰত হিংসা, ইম্ফলৰ বজাৰত অগ্নিসংযোগ! সেনাক তলব, পুনৰ সান্ধ্য আইন জাৰি

সাংসদ আৰু তেওঁলোকৰ পৰিয়ালৰ চিকিৎসা বিল পূৰণৰ বাবে ১৭ লাখ টকা ব্যয় কৰা হৈছে। সংসদ সদস্যৰ কাৰ্যালয়ৰ খৰচ বহন কৰিবলৈ ৭.৫ কোটি টকা খৰচ কৰা হৈছে। সাংসদসকলৰ তথ্য প্ৰযুক্তিৰ বাবে ৰাজকোষৰ পৰা দিয়া হৈছে ১.২ কোটি টকা।

মধ্যপ্ৰদেশৰ চন্দ্ৰ শেখৰ গৌৰে তথ্যৰ অধিকাৰ আইনৰ অধীনত দাখিল কৰা এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভা সচিবালয়ে এই তথ্য প্ৰকাশ কৰে।

ইয়াত আৰু অধিক বিশদ তথ্যৰ দাঙি ধৰি কোৱা হৈছে যে ২০২১-২৩ চনত মুঠ ১০০ কোটি টকা ব্যয় কৰা হৈছে। ইয়াৰে ৩৩ কোটি টকা দেশ-বিদেশ ভ্ৰমণৰ বাবে ব্যয় কৰা হৈছে। ৰাজ্যসভা সচিবালয়ে কয় যে ২০২২-২৩ চনত ৰাজ্যসভাৰ সদস্যসকলৰ দৰমহাত ৫৯.৫ কোটি টকা ব্যয় কৰা হৈছিল। বিদেশ ভ্ৰমণৰ বাবে ৩০.৯ কোটি টকা ব্যয় হোৱাৰ বিপৰীতে দেশত ভ্ৰমণৰ বাবে ২.৬ কোটি টকা ব্যয় হয়।

আন খৰচৰ ভিতৰত চিকিৎসাৰ খৰচো অন্তৰ্ভুক্ত। য’ত খৰচ হৈছে ৬৫ লাখ টকা। আৰু কাৰ্যালয়ৰ বাবে ৭ কোটি টকা খৰচ কৰা হৈছে। তথ্য-প্ৰযুক্তিৰ আন্তঃগাঁথনিৰ বাবে ব্যয় কৰা হৈছে ১.৫ কোটি টকা।

লগতে পঢ়ক: হঠাতে মেট্ৰিকৰ ফলাফল ঘোষণা জোনমণি ৰাভাৰ মৃত্যুৰ গোচৰৰ পৰা দৃষ্টি আঁতৰোৱাৰ কৰাৰ কৌশল নেকি?

২০২১ চনৰ ৰেকৰ্ড অনুসৰি ৰাজ্যসভাৰ সদস্যসকলৰ উৎপাদনশীলতাৰ হাৰ শীতকালীন অধিবেশনত ৪৩ শতাংশ, বৰ্ষাকালীন অধিবেশনত ২৯ শতাংশ আৰু বাজেট বিতৰ্কত ৯০ শতাংশ। পিছৰ বছৰ অৰ্থাৎ শীতকালীন অধিবেশনত উৎপাদনশীলতাৰ হাৰ ৯৪ শতাংশ, বৰ্ষাকালীন অধিবেশনত ৪২ শতাংশ আৰু বাজেট অধিবেশনৰ সময়ত ৯০ শতাংশ আছিল। এই বছৰ এতিয়ালৈকে বাজেট অধিবেশনত সৰ্বনিম্ন কাম হৈছে -২৪ শতাংশ।

Recent News

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd