NORTHEAST NOW (Assamese)

‘ৰহাৰ টোলগেট অবৈধ’; টোলগেট সম্পূৰ্ণৰূপে বন্ধ কৰাৰ আহ্বান অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

August 21, 2019 7:40 pm · কল্পজ্যোতি শইকীয়া
ৰুবুল দাস আৰু ৰহাৰ টোল গেট

ৰহাৰ টোলগেট পুনৰ মুকলি কৰা হ’ব বুলি মুখ্য মন্ত্ৰীৰে নীতিন গাদকাৰীৰ সৈতে মঙলবাৰে হোৱা বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে ক্ষোভিত হৈ পৰিছে ৰাজ্যৰ জাতীয় দল সংগঠন।

ৰহাৰ টোলগেটখন সম্পূৰ্ণকৈ বন্ধ কৰাৰ বাবে দাবী তুলিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদে। লগতে টোলগেটখন সম্পূৰ্ণৰূপে অবৈধ বুলিও দাবী কৰে সংগঠনটোৰ ৰাজ্যিক সভাপতি ৰুবুল দাসে।

‘ৰহাৰ টোলগেটখন বৈধ নহয়, নগৰ সমিতিৰ সীমাৰ ভিতৰত কোনো টোলগেট স্থাপন কৰিব নোৱাৰে। এই টোলগেটখন ৰহা নগৰ কমিটিৰ ১ কি:মি ব্যাসাৰ্ধৰ ভিতৰত স্থাপন কৰা হৈছিল’। নৰ্থ ইষ্ট নাওৰ আগত এই মন্তব্য কৰে ৰুবুল দাসে।

ইপিনে, ৰহাৰ টোলগেটখন চৰকাৰক সম্পূৰ্ণকৈ ভাঙি পেলাবলৈ দাবী জনাই তেওঁ কয় ‘যদি চৰকাৰে নাভাঙে তেন্তে ৰাইজেই এই টোলগেটখন ভাঙি দিয়া উচিত বুলি মই ভাবো’।

তদুপৰি, ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু নিৰ্মাণৰ কাম সম্পূৰ্ণ নোহোৱাকৈ এখন টোলগেট মুকলি কৰাটো যুক্তিসংগত নহয় বুলি দাবী কৰে দাসে।

তেওঁ কয় ‘ৰহাৰ পৰা আৰম্ভ কৰি উজনি অসমলৈকে ৰাষ্ট্ৰীয় ঘাইপথটোত ডাঙৰ ডাঙৰ গাঁত আছে। লগতে নগাঁৱৰ উৰিয়াগাঁৱৰ পৰা চাৰিলেনযুক্ত পথৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হোৱা নাই। এনেপৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰে কোনোপধ্যেই ৰহা টোলগেট মুকলি কৰিব নোৱাৰে।‘

ৰহা টোলগেট মুকলি কৰি ভূতৰ ওপৰত দানৱ পৰাদি জনসাধাৰণক মাধমাৰ সোধাব বিচৰা হৈছে বুলিও দাসে অভিযোগ কৰে।

ইপিনে, জনসাধাৰণ আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিবাদকাৰীৰ হেঁচাত পূৰ্বে দুবাৰকৈ এই ৰহা টোলগেট বন্ধ কৰা হৈছিল বুলি দাবী কৰি তেওঁ চৰকাৰক সকীয়াই দি কয় ‘এইবাৰ যদি পুনৰ মুকলি কৰে তেন্তে কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ভয়ানক পৰিস্থিতিৰ সন্মুখীন হ’ব লাগিব।’

দাসৰ দাবী ‘যি পৰ্য্যন্ত চাৰিলেনযুক্ত পথৰ কাম সম্পূৰ্ণ নহ’ব, মেৰামতি কৰা নহ’ব, তেতিয়ালৈকে এই টোলগেট সম্পূৰ্ণৰূপে বন্ধ থাকিব লাগিব।’

Related News