• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চামগুৰিত ‘ৰুদ্ৰ বৰুৱা যোগ বিজ্ঞান মহাবিদ্যালয়’ৰ শুভ উদ্বোধন

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
January 3, 2019 12:07 pm
yog science college samaguri

ফটো : নৰ্থ-ইষ্ট নাও

7.3k
VIEWS
Share on FacebookShare on Twitter

যুৱ লেখিকা তথা বিশিষ্ট  সমাজ সেৱিকা ৰেখামণি দাসৰ একক প্ৰচেষ্টাৰে চামগুৰিত প্ৰাণ পাই উঠা জীৱনজ্যােতি যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্যোগত আৰু ‘ভাৰতীয় যোগ সংস্কৃতি আৰু যোগ চিকিৎসা কেন্দ্ৰ, গুৱাহাটী’ৰ অধীনত চামগুৰিত প্ৰতিষ্ঠা লাভ কৰা ‘ৰুদ্ৰ বৰুৱা যোগবিজ্ঞান মহাবিদ্যালয়’ খনিৰ ২ জানুৱাৰি অৰ্থাৎ বুধবাৰে শুভ উদ্বোধন কৰা হয়। শুভ উদ্বোধন কৰে ভাৰতীয় যোগ সংস্কৃতি আৰু চিকিৎসা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সভাপতি যোগাচাৰ্য শুভাশীষে।

উক্ত অনুষ্ঠানৰ আৰম্ভণিতে চামগুৰিস্থিত জীৱনজ্যোতি যোগ প্ৰশিক্ষণ কেন্দ্ৰত প্ৰতিষ্ঠা দিৱস উপলক্ষে পতাকা উত্তোলন কৰে কেন্দ্ৰৰ সভাপতি কালিৰাম সোনাৰীয়ে। ইয়াৰ পাছতে যোগ কেন্দ্ৰৰ কণ কণ শিশুৰ দ্বাৰা ‘মা দিয়া বিদায়’ নামৰ এখনি প্ৰদশৰ্নীমূলক নাটক মঞ্চস্থ কৰা হয়।

‘মা দিয়া বিদায়’ নামৰ নাটকখনি সম্পূন্ন পৰিকল্পনা, পৰিচালনা, ৰচনা আৰু সংলাপ তথা নাটকখনত সন্নিবিষ্ট গীতৰ কথাৰ লগতে গীতটোত কন্ঠদান কৰে জীৱনজ্যোতি যোগ প্ৰশিক্ষণ কেন্দ্ৰৰ সম্পাদিকা তথা প্ৰাক্তন সাংবাদিক ৰেখামণি দাসে। গীতটোত সুৰ দিছে অনাতাঁৰ শিল্পী, ভ্ৰাম্যমান জগতৰ বিশিষ্ট শিল্পী তথা অসমৰ বিশিষ্ট বাঁহীবাদক পৰবানন্দ ঠাকুৰীয়াই।

অনুষ্ঠানটোৰ মঞ্চ উদ্বোধন কৰে বাজিয়া গাঁও উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া হিৰণ্য কুমাৰ চমুৱাই আৰু সহযোগিতা আগবঢ়াই চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দুৰ্লভ মহন্তই। আনহাতে উক্ত অনুষ্ঠানতে নিজৰ সৃষ্টিশীল প্ৰতিভাৰে পাঁচ বছৰ বয়সতে কবিতা লিখি প্ৰচাৰ মাধ্যমত জনপ্ৰিয় হৈ পৰা কণমানি শিশু অৰ্চিত বৰাক যোগ কেন্দ্ৰ ফালৰ পৰা বিশেষ ভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে তেওঁ লিখা ‘ৰাতিৰ আকাশত জোনবাই নাচোন’ নামৰ কবিতাটো আবৃত্তি কৰি ৰাইজৰ প্ৰশংসা পোৱা পৰিলক্ষিত হৈছে।

চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘ৰুদ্ৰ বৰুৱা যোগবিজ্ঞান মহাবিদ্যালয়’ৰ শুভ উদ্বোধন কৰি ভাষণ প্ৰসংগত যোগাচাৰ্য শুভাশীষে  কয় “সম্প্ৰতি যোগ চৰ্চাৰ এক পৰিৱেশ সমগ্ৰ বিশ্বজুৰি গঢ়ি উঠিছে ৷ নতুন প্ৰজন্মৰ মাজত যোগ চৰ্চাৰ মানসিকতা গঢ়ি তুলিবলৈ চৰকাৰ, প্ৰশাসন আৰু অভিভাৱক সকলে গুৰুত্ব আৰোপ কৰা উচিত। আজি শুভ উদ্বোধন হোৱা এই ২৪ নম্বৰ স্থান প্ৰাপ্ত ৰুদ্ৰ বৰুৱা যোগবিজ্ঞান মহাবিদ্যালয়খনে ৰাইজ তথা উদ্যোক্তা সকলৰ ঐক্যান্তিক প্ৰচেষ্টাত অদূৰ ভৱিষ্যতে এদল মানসিক ভাৱে সৱল যুৱ প্ৰজন্ম সৃষ্টিৰ ভুমিকা গ্ৰহণ কৰিব ৷”

জীৱনজ্যোতি যোগ কেন্দ্ৰৰ সভাপতি তথা অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক কালিৰাম সোনাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আৰু জীৱনজ্যোতি কেন্দ্ৰৰ উপ সভাপতি আদিত্য বৰদলৈ আৰু সম্পাদিকা ৰেখামণি দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত হিমাচল প্ৰদেশৰ স্বামী বিজয়ানন্দই উপস্থিত থাকি উদ্বোধনী মন্ত্ৰ পাঠ কৰে।

Recent News

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

মহিলাসকলৰ ডিম্বাশয়ৰ কৰ্কট ৰোগ: জানো আহোক ৰোগৰ কাৰণ, লক্ষণ আৰু প্ৰাৰম্ভিক চিনাক্তকৰণ প্ৰক্ৰিয়াৰ বিষয়ে…

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

যুদ্ধ এটা ৰোমাণ্টিক বিষয় নতুবা বলীউডৰ ছবি নহয়: প্ৰাক্তন সেনা প্ৰধান নৰৱাণ

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

এটাও ভোট নাপালে বঙাইগাঁৱত পঞ্চায়তৰ এইজন প্ৰাৰ্থীয়ে

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

ভাৰত-পাকিস্তানৰ ডিজিএমঅ’ৰ বৈঠক! কি স্থিতি সিন্ধু জল সন্ধিৰ?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd