অৰুণাচলত উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধৰ ধ্বংসপ্ৰাপ্ত আমেৰিকান যুদ্ধ বিমান, আমেৰিকান অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ

অৰুণাচল প্ৰদেশৰ লৱাৰ ডিবাং ভেলি জিলাৰ ভাৰত-চীন সীমান্তৱৰ্তী অঞ্চল তথা অৰুণাচল প্ৰদেশৰ মেহ হ্ৰদ এটাৰ সমীপৰ ঘন জংঘলৰ মাজত দ্বিতীয় বিশ্বযুদ্ধত ধ্বংসপ্ৰাপ্ত আমেৰিকাৰ যুদ্ধ বিমানৰ ধ্বংসাৱশেষ উদ্ধাৰ হৈছে।

আজি অৰুণাচলৰ দুজন প্ৰকৃতিপ্ৰেমী যুৱকে আমেৰিকাৰ সৈন্য বাহিনীয়ে দ্বিতীয় বিশ্বযুদ্ধত ব্যৱহাৰ কৰা যুঁ‌জাৰু বিমানৰ ধ্বংসাৱশেষ প্ৰত্যক্ষ কৰি অৰুণাচল ল’ৱাৰ ডিবাং ভেলী উপায়ুক্তক আৰু ভাৰতীয় সেনাৰ ইষ্টাৰ্ন আৰ্মীক অৱগত কৰে৷

যুৱক দুজনে ঘন বনাঞ্চলত প্ৰত্যক্ষ কৰা আমেৰিকান অত্যাধুনিক বন্দুক, গুলী আৰু যুদ্ধ বিমানৰ ধ্বংসাৱশেষৰ ফটোসহ সামগ্ৰী ইতিমধ্যেই ভাৰত চৰকাৰৰ অধীনস্থ অৰুণাচল ল’ৱাৰ ডিবাং ভেলী জিলাৰ ৰয়িংস্থিত ৰিঅ’ ৱাটজ মিউজিয়াম কৰ্তৃপক্ষক গতাই দিছে৷

যুৱক দুজনৰ পৰা জানিব পৰা মতে উক্ত স্থানত আমেৰিকাৰ এখন যুদ্ধ বিমানৰ ধ্বংসাৱশেষ, অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ, ১৯৪১ চনৰ আমেৰিকান এমএফ-ভিআইআই গুলী, আমেৰিকান আৰ্মীৰ ছিগনেল কপছ বিচি ২২৪-চি ৰেডিঅ’ৰ ৰিচিভাৰ আদি এতিয়াও পৰিত্যক্ত অৱস্থাতে পৰি আছে৷

ঘন বনাঞ্চলত পৰিত্যক্ত অৱস্থাৰ পৰা ধ্বংসপ্ৰাপ্ত আমেৰিকান সেনাৰ যুদ্ধ বিমানখন উদ্ধাৰ কৰিবলৈ অৰুণাচল চৰকাৰে ভাৰত চৰকাৰৰ সৈতে ইতিমধ্যে যোগাযোগ কৰা বুলি জানিব পৰা গৈছে৷ বৰ্তমান বৰফেৰে ঢাকি ৰখা দুৰ্গম বনাঞ্চলখনৰ পৰা ধ্বংসপ্ৰাপ্ত আমেৰিকান যুদ্ধ বিমানখনৰ অৱশিষ্ট অংশভাগ আৰু গোলা বাৰুদকে আদি কৰি বিস্ফোৰক সামগ্ৰীবোৰ অৰুণাচল চৰকাৰে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই যদিও অতি সোনকালে ভাৰতীয় সেনাৰ তৎপৰতাত আমেৰিকাৰ যুদ্ধ বিমানখন উদ্ধাৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ল’ৱাৰ ডিবাং ভেলী জিলাৰ উপায়ুক্তই জানিবলৈ দিছে৷

ইতিমধ্যেই ভাৰতীয় সেনাৰ এটা দলে অৰুণাচলৰ ভাৰত-চীন সীমান্ত দুৰ্গম বনাঞ্চলখনলৈ যুৱক দুজনৰ তথ্যৰ ভিত্তিত আমেৰিকাৰ যুদ্ধ বিমানখনৰ ভগ্নাংশ আৰু সিঁ‌চৰিত হৈ থকা গোলা বাৰুদকে আদি কৰি কেতবোৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰৰ উদ্দেশ্যে ৰাওনা হোৱা বুলিও এক সূত্ৰই সদৰী কৰিছে