গুৱাহাটীৰ জু-তিনি আলিত হঠাৎ জ্বলি উঠিল এখন ছাফাৰী গাড়ী

ফটো : নৰ্থ-ইষ্ট নাও

আজি দিনৰ ঠিক ১১ মান বজাত গুৱাহাটীৰ জু-তিনি আলিৰ মাডাৰ টেৰেছা পথত হঠাৎ এখন ছাফাৰী গাড়ী জ্বলি উঠাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়।

ছাফাৰী গাড়ীখন চলাই আহি থকা অৱস্চথাতে পথৰ মাজত জুই লাগে।

ঘটনা সংঘটিত হোৱাৰ কিছু সময়ৰ পিছতে অগ্নি নিৰ্বাপক বাহিনীয়ে গাড়ীখনৰ জুই নুমুৱাবলৈ সক্ষম হৈছে৷

জানিব পৰা মতে, অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত এ-এচ ০১-এম-বি ৩৬৮৮ নম্বৰৰ গাড়ীখনত আছিল চালক জন।

গাড়ীখনৰ চালকজন স্বত্তাধিকাৰী নহয় বুলি উল্লেখ কৰে।

চালকজনে জানিব দিয়া মতে মেডিকেল ডিউটিত থকা গাড়ীখনে অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই আনি থকা সময়তে এই ঘটনাটো সংঘটিত হয়।

গাড়ীখনৰ স্বত্তাধিকাৰী গৰাকীয়ে চৰ্ত চাৰ্কিটৰ ফলত গাড়ীখন এনদৰে জ্বলি উঠা বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে।

ইতিমধ্যে আৰক্ষীয়ে অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত অগ্নি নিৰ্বাপন কৰি গাড়ীখন গীতানগৰ থানালৈ নিয়াৰ ব্যৱস্থা কৰে।