• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পতনৰ অভিলেখ! আমেৰিকান ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্য ৮২ টকা অতিক্ৰম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 7, 2022 3:05 pm
150
VIEWS
Share on FacebookShare on Twitter

Rupee falls to an all-time low  ভাৰতীয় টকাৰ অৱনমন অব্যাহত আছে। এইবাৰ আমেৰিকান ডলাৰৰ মূল্য ৮২ টকা অতিক্ৰম কৰিছে। শুকুৰবাৰে ৰাতিপুৱা বজাৰ খোলাৰ সময়ত টকাৰ মূল্য ৩৩ পইচা হ্ৰাস পায়। শতাংশ হিচাপে, ই হৈছে ০.৪১ শতাংশ। এই বৃহৎ হ্ৰাসৰ ফলস্বৰূপে টকাৰ নতুন মূল্য হয়গৈ ৮২.২২টকা। এটা সময়ত হ্ৰাস পাই পাই ডলাৰৰ বিপৰীতে টকাৰ মূল্য ৮২.৩৩ টকাত ৰয়। প্ৰথমবাৰৰ বাবে ভাৰতীয় মুদ্ৰাৰ মূল্য এইবাৰ ৮২ টকা অতিক্ৰম কৰিছে।

বজাৰ বিশেষজ্ঞসকলে বিশ্বাস কৰে যে টকাৰ মূল্যৰ অভিলেখ হ্ৰাস হোৱাৰ কাৰণ হৈছে খাৰুৱা তেলৰ মূল্য নিৰন্তৰ বৃদ্ধি, বিশ্বব্যাপী বিত্তীয় মন্দাৱস্থাৰ আশংকা, বিদেশী বিনিয়োগৰ অভাৱ আদি। পৰিসংখ্যা অনুসৰি, কেৱল এই বছৰেই টকাৰ মূল্য ১০.৬ শতাংশ হ্ৰাস পাইছে। যোৱা আঠ বছৰত এই হ্ৰাস ২৫ শতাংশতকৈও অধিক হৈছে।

লগতে পঢ়ক: আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিমান আক্ৰমণত চিৰিয়াত নিহত দুই শীৰ্ষ দুৰ্ধৰ্ষ আই এছ নেতা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি ২০১৪ চনৰ ৩১ ডিচেম্বৰত এক ডলাৰৰ মূল্য আছিল ৬৩ টকা ৩৩ পইচা। ২০১৮ৰ ৩১ ডিচেম্বৰত এই মূল্য ৬৯.৭৯টকালৈ বৃদ্ধি হয়। ২০১৯ চনৰ অন্তিম দিনটোত দেখা গৈছিল যে ডলাৰৰ হিচাপত ভাৰতীয় মুদ্ৰাৰ মূল্য ৭০-ৰ সীমা অতিক্ৰম কৰিছে।

কৰোনা কালৰ পিছত এই বিনিময় মূল্য আছিল প্ৰায় সত্তৰ টকা। কিন্তু ভাৰতীয় মুদ্ৰা বজাৰ কেইমাহমানৰ পৰা মন্দাৱস্থাত আছে। ভাৰতীয় মুদ্ৰাৰ মূল্য ক্ৰমান্বয়ে হ্ৰাস পাইছে। যিটো অৰ্থনীতিৰ বাবে যথেষ্ট উদ্বেগৰ বিষয়।

উল্লেখ্য যে যোৱা ২৩ ছেপ্টেম্বৰত বজাৰ খোলাৰ লগে লগে ডলাৰৰ বিপৰীতে একেবাৰতে টকাৰ মূল্য বহুখিনি হ্ৰাস পাইছিল। সেইদিনা এক আমেৰিকান ডলাৰৰ মূল্য পাইছিলগৈ ৮১ টকা ৯ পইচা। প্ৰথমবাৰৰ বাবে টকাৰ মূল্য ৮১ টকা অতিক্ৰম কৰিছিল।

লগতে পঢ়ক: বিদ্যালয়ৰ ৱাশ্বৰূমত ১১ বছৰীয়া ছাত্ৰীক দলবদ্ধ ধৰ্ষণ; উচ্চ শ্ৰেণীৰ দুই ছাত্ৰৰ বিৰুদ্ধে অভিযোগ

পৰিসংখ্যা অনুসৰি, এই বছৰৰ ফেব্ৰুৱাৰী মাহৰ পিছত বজাৰ চলি থকাৰ সময়ত এনেদৰে টকাৰ মূল্য ইমান হ্ৰাস হোৱা নাছিল।

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd