বয়স মাত্ৰ ৯২ বছৰ! পঞ্চমবাৰৰ বাবে বিয়া পাতিবলৈ লৈছে মিডিয়া সম্ৰাট ৰূপাৰ্ট মাৰ্ডকে

নতুন প্ৰেমিকা এলেনা জুকোভাৰ সৈতে ৰূপাৰ্ট মাৰ্ডক। ফটো সৌজন্যঃ ডেইলী মেইল।

প্ৰেমিকা এলেনা জুকোভাৰ সৈতে এংগেজমেণ্ট সম্পূৰ্ণ কৰিলে মিডিয়া সম্ৰাট ৰূপাৰ্ট মাৰ্ডকে। এগৰাকী মুখপাত্ৰই এই খবৰটো অৱগত কৰিছে। ৯২ বছৰীয়া মিডিয়া বেৰনে পঞ্চমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হ’বলৈ ওলাইছে।

খবৰ অনুসৰি কেলিফৰ্ণিয়াৰ তেওঁৰ আঙুৰৰ বাগিচা তথা ইষ্টেট মৰাগাত অনুষ্ঠিত হ’ব এই বিয়া। ফক্স এণ্ড নিউজ কৰ্পৰ অধ্যক্ষ পদৰ পৰা ৰূপাৰ্ট মাৰ্ডকে পদত্যাগ কৰাৰ কেইমাহমানৰ পাছতে এই খবৰ আহিছে।

অভিনেত্ৰী আৰু মডেল জেৰী হলৰ সৈতে চতুৰ্থবাৰৰ বাবে বিবাহপাশত আবদ্ধ হোৱাৰ ছয় বছৰৰ পাছত ২০২২ চনত তেওঁলোকৰ বিবাহ বিচ্ছেদ হয়। মিডিয়া বেৰনগৰাকীয়ে যোৱা বছৰ ছান ফ্ৰান্সিস্কো আৰক্ষীৰ প্ৰাক্তন চেপলিন এন লেছলি স্মিথৰ সৈতে চমুকৈ বাগ্দান কৰিছিল।

লগতে পঢ়কঃ অমৃতপল সিং গোচৰঃ ডিব্ৰুগড় জেলৰ অধীক্ষকক গ্ৰেপ্তাৰ অসম আৰক্ষীৰ

তেওঁৰ আন প্ৰাক্তন পত্নীসকল হ’ল অষ্ট্ৰেলিয়াৰ বিমান পৰিচাৰিকা পেট্ৰিচিয়া বুকাৰ, স্কটিছত জন্মগ্ৰহণ কৰা সাংবাদিক আন্না মান, মিছ ডেং আৰু আমেৰিকান মডেল আৰু অভিনেত্ৰী জেৰী হল।

ৰূপাৰ্টৰ নতুন কইনা এলেনা জুকোভা মস্কোৰ বাসিন্দা। ৬৭ বছৰীয়া এলেনা এগৰাকী অৱসৰপ্ৰাপ্ত আণৱিক জীৱবিজ্ঞানী। যোৱা গ্ৰীষ্মকালত ৰূপাৰ্ট মাৰ্ডকে তেওঁৰ লগত ডেটিং আৰম্ভ কৰিছিল। ৰূপাৰ্ট মাৰ্ডকৰ তৃতীয় পত্নী ৱেণ্ডি ডেং এই দম্পতীহালৰ সাক্ষাৎকাৰৰ আঁৰত আছে। ইয়াৰ পূৰ্বে এই কথা জানিব পৰা গৈছিল।

উল্লেখ্য যে ৰূপাৰ্ট মাৰ্ডকে ১৯৫০ চনত অষ্ট্ৰেলিয়াত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৬৯ চনত তেওঁ ব্ৰিটেইনত নিউজ অৱ দ্য ৱৰ্ল্ড আৰু দ্য ছান কাকত ক্ৰয় কৰে, লগতে নিউয়ৰ্ক পোষ্ট আৰু ৱাল ষ্ট্ৰীট জাৰ্নেলকে ধৰি কেইবাখনো আমেৰিকাৰ প্ৰকাশন ক্ৰয় কৰে।

লগতে পঢ়কঃ আজি আন্তৰ্জাতিক নাৰী দিৱস: জানো আহক এই দিনটোৰ ইতিহাস, গুৰুত্ব আৰু তাৎপৰ্য

১৯৯৬ চনত তেওঁ ফক্স নিউজ আৰম্ভ কৰে আৰু ২০১৩ চনত নিউজ কৰ্প প্ৰতিষ্ঠা কৰে। যোৱা বছৰ ৰূপাৰ্ট মাৰ্ডকে ঘোষণা কৰিছিল যে তেওঁ নিজৰ মিডিয়া সাম্ৰাজ্যৰ মুৰব্বীৰ ভূমিকাৰ পৰা পদত্যাগ কৰিছে। তেওঁ সংস্থাটোৰ বাঘজৰী পুত্ৰ লাচলানক অৰ্পণ কৰে আৰু পিছলৈ ফক্স আৰু নিউজ কৰ্পৰেশ্যন দুয়োটাৰে চেয়াৰমেন এমেৰিটাছৰ ভূমিকা গ্ৰহণ কৰে।