বঙাইগাঁৱৰ পোপৰাগাঁৱত বিৰল প্ৰজাতিৰ অতি বিষাক্ত ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ

বঙাইগাঁৱৰ পোপৰাগাঁৱত বুধবাৰে এডাল বিৰল প্ৰজাতিৰ ৰাছেল ভাইপাৰ সাপ উদ্ধাৰ হয় ৷

বঙাইগাঁৱৰ প্ৰকৃতিপ্ৰেমী সংগঠক কাৰ্তিক ওৰাৱে সাপডাল উদ্ধাৰ কৰি জিলা বন বিভাগক খবৰ দিয়ে ৷ইপিনে জিলাখনৰ মূলাগাঁৱতো এডাল অজগৰ উদ্ধাৰ হয় ৷

পিছলৈ প্ৰকৃতিপ্ৰেমী সংগঠক কাৰ্তিক ওৰাৱে বিষাক্ত ৰাছেল ভাইপাৰ আৰু অজগৰডাল জিলাখনৰ খগৰপুৰ পাহাৰত এৰি দিয়ে ৷

প্ৰকৃতিপ্ৰেমী সংগঠক কাৰ্তিক ওৰাৱে প্ৰকাশ কৰা মতে এই বিষাক্ত ৰাছেল ভাইপাৰ সাপ অসমত দেখা পোৱা নায়ায় ৷

চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত পোৱা যায় যদিও এইবাৰ বানপানীত ভূটানৰ পৰা ভাঁহি অহাৰ সন্দেহ কৰে ৷

লগতে নদী কাষৰীয়া এলেকা সমূহত এই ৰাছেল ভাইপাৰ উদ্ধাৰ হোৱা বুলিও প্ৰকাশ কৰে ৷