ৰাছিয়াত প্ৰৱেশ নিষিদ্ধ ৰাষ্ট্ৰপতি বিডেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকৰ

ইউক্ৰেইনত ৰাছিয়াৰ সামৰিক অভিযানৰ আৰম্ভণিৰ পৰাই আমেৰিকা যুক্তৰাষ্ট্ৰই ইউক্ৰেইনৰহৈ এক স্থিতি গ্ৰহণ কৰি আহিছে। আমেৰিকাই ইউক্ৰেইনত ৰাছিয়াৰ আগ্ৰাসনৰ বিষয়টোত মস্কোৰ ওপৰত কিছুমান নিষেধাজ্ঞা আৰোপ কৰিছে।

ৰাছিয়াই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন আৰু বিদেশ সচিব এণ্টনি ব্লিঙ্কেনকে ধৰি ৯৬৩ গৰাকী আমেৰিকাৰ নাগৰিকৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এই ব্যক্তিসকলে আৰু অনিৰ্দিষ্টকালৰ বাবে ৰাছিয়াত আৰু প্ৰৱেশ কৰিব নোৱাৰিব।

লগতে পঢ়ক: যুদ্ধৰ আঁৰৰ খৱৰ: ফিনলেণ্ডলৈ গেছৰ সৰবৰাহ বন্ধ কৰিলে ৰাছিয়াই

শনিবাৰে প্ৰকাশ পোৱা বাতৰি অনুসৰি, ৰাছিয়াৰ নিষেধাজ্ঞাৰ তালিকাত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেন, বিদেশ সচিব এণ্টনি ব্লিঙ্কেন আৰু চিআইএৰ মুৰব্বী উইলিয়াম বাৰ্ণছকে ধৰি ৯৬৩ গৰাকী  আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিক অন্তৰ্ভুক্ত হৈছে।

সেইদৰে উপ ৰাষ্ট্ৰপতি কমলা হেৰিছ, ডেম’ক্ৰেট নেত্ৰী হিলাৰী ক্লিন্টন, ফেচবুকৰ প্ৰতিষ্ঠাপক মাৰ্ক জুকাৰবাৰ্গ, হলীউদ অভিনেতা মৰ্গান ফ্ৰীমেনকে ধৰি আন বহু বিশিষ্ট ব্যক্তিৰো নাম আছে তালিকাত।

আনহাতে, এই তালিকাত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক অ’বামা, ডোনাল্ড ট্ৰাম্পকে ধৰি বহু প্ৰভাৱশালী ব্যক্তিৰ নাম নাই।

লগতে পঢ়ক: Ukraine war: জেলেনস্কিৰ মতে ডনবাছ সম্পূৰ্ণৰূপে ধ্বংসস্তূপত পৰিণত হৈছে

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিষেধাজ্ঞাৰ প্ৰতিক্ৰিয়াস্বৰূপে আমেৰিকানসকলৰ ওপৰত এই নিষেধাজ্ঞা অনা হৈছে।