অধিকৃত মাৰিঅ’পোলত নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিছে ৰাছিয়াই; ডনবাছ ভ্ৰমণৰ বাবে সাজু পুটিন!

Russia building a massive army base ৰাছিয়াই ইউক্ৰেইনৰ বন্দৰ চহৰ মাৰিঅ’পোলত এটা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰি আছে। ৰাছিয়াৰ এই কাৰ্যকলাপ শেহতীয়া কেইবাটাও উপগ্ৰহ ছবিত দেখা পোৱা গৈছে। বিবিচিৰ এক প্ৰতিবেদনত এই তথ্য দাঙি ধৰা হৈছে।

প্ৰতিবেদন অনুসৰি, ৰাছিয়াই চহৰখনত এটা নতুন বৃহৎ সামৰিক শিবিৰ নিৰ্মাণ কৰি আছে। ৰাছিয়াই ক্ৰমান্বয়ে মাৰিঅ’পোলত পুনৰ ইয়াৰ প্ৰতিৰক্ষা প্ৰণালী শক্তিশালী কৰি আছে।

লগতে পঢ়ক: ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰ মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ আত্মসমৰ্পণ

চহৰখনৰ দক্ষিণ আৰু পূব অংশত ইউক্ৰেইনৰ প্ৰত্যাক্ৰমণৰ ফলত মাৰিঅ’পোল ভাবুকিৰ সন্মুখীন হৈছে। এই পৰিস্থিতিত ৰাছিয়াই চহৰখনত নিজৰ সৈন্য বৃদ্ধি কৰা আৰম্ভ কৰিছে।

ৰাছিয়াই এই বছৰৰ ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰিছিল। ইয়াৰ পিছত ৰাছিয়াৰ সেনাই মাৰিঅ’পোল চহৰখন প্ৰায় তিনি মাহৰ বাবে অৱৰোধ কৰি ৰাখে।

ইপিনে, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উপযুক্ত সময়ত অধিকৃত ডনবাছ অঞ্চল পৰিদৰ্শন কৰিব। অৱশ্যে পুটিনৰ ভ্ৰমণৰ সঠিক তাৰিখ সদৰী কৰা নাই।

শেহতীয়াকৈ ডনবাছকে ধৰি কিছুমান অঞ্চল গণভোটৰ দ্বাৰা ইউক্ৰেইনৰ পৰা পৃথক কৰা হৈছে আৰু ৰাছিয়াৰ সৈতে সংযুক্ত কৰা হৈছে।

লগতে পঢ়ক: কৰ্মীৰ প্ৰতিবাদৰ বাবে চীনৰ পৰা আঁতৰিব এপলৰ কাৰখানা; ভাৰতৰ পিনে দৃষ্টি সংস্থাটোৰ!

ক্ৰেমলিনৰ মুখপাত্ৰ দিমিত্রি পেচকভে শনিবাৰে সংবাদ মাধ্যমক কৈছিল যে ডনবাছ ৰাছিয়ান ফেডাৰেচনৰ অংশ আৰু ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে নিশ্চিতভাৱে তালৈ যাব। পেচকভে এই তথ্য সংবাদ মাধ্যমক দিছে যদিও পুটিনে কেতিয়া ভ্ৰমণ কৰিব তাৰ সঠিক তাৰিখ সদৰী কৰা নাই।

উল্লেখ্য যে, বৃহস্পতিবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে ইউক্ৰেইনৰ যুদ্ধ সন্দৰ্ভত পুটিনৰ সৈতে আলোচনাৰ চৰ্ত প্ৰদান কৰে। ইয়াৰ প্ৰত্যুত্তৰত ক্ৰেমলিনৰ এজন মুখপাত্ৰই কয় যে ৰাষ্ট্ৰপতি পুটিন যিকোনো আলোচনাৰ বাবে সাজু, কিন্তু ৰাছিয়াই ইউক্ৰেইনৰ পৰা সৈন্য প্ৰত্যাহাৰ নকৰে।

পেচকভে লগতে কয় যে ৰাষ্ট্ৰপতি পুটিন তেওঁৰ দেশৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ সদায় আলোচনা কৰিবলৈ সাজু।

লগতে পঢ়ক: গৰুৰ পেটৰ পৰা উদ্ধাৰ ৬৫ কিলোগ্ৰাম প্লাষ্টিক, ধাতুৰ আৱৰ্জনা; হতভম্ব চিকিৎসক

ক্ৰেমলিনৰ মুখপাত্ৰজনে কয় যে আমেৰিকাই ৰাছিয়ান ফেডাৰেচনৰ অংশ হিচাপে সংযুক্ত অঞ্চলসমূহ গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাটোৱে যিকোনো ধৰণৰ চুক্তিত বাধা দিয়ে। আমেৰিকাৰ এই স্থিতিয়ে মীমাংসাৰ এক উমৈহতীয়া ক্ষেত্ৰ সৃষ্টিৰ বিষয়টোক বিশেষভাৱে জটিল কৰি তুলিছে।