• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

যুদ্ধৰ খবৰ! ইউক্ৰেইনৰ ‘ক্লাষ্টাৰ বোমা’ আক্ৰমণত নিহত ৰাছিয়াৰ সাংবাদিক; আহত আন ৩ সাংবাদিক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2023 10:49 am
ফটো: সংগ্ৰহীত।

ফটো: সংগ্ৰহীত।

743
VIEWS
Share on FacebookShare on Twitter

দক্ষিণ-পূব ইউক্ৰেইনৰ জাপোৰিজ্জিয়া অঞ্চলত ফ্ৰণ্টলাইন যুদ্ধক্ষেত্ৰৰ সমীপত এজন ৰাছিয়ান সাংবাদিক নিহত হয়। আহত হয় আন তিনিজন সাংবাদিক। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি শনিবাৰে ইউক্ৰেইনৰ আক্ৰমণত এই ঘটনা সংঘটিত হৈছে।

ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে অভিযোগ উত্থাপন কৰিছে যে এই আক্ৰমণত ইউক্ৰেইনে এই মাহত আমেৰিকাই যোগান ধৰা ক্লাষ্টাৰ বোমা ব্যৱহাৰ কৰিছিল।

লগতে পঢ়ক: হিংসাৰ পৰা ৰক্ষা নপৰিল স্বাধীনতা সংগ্ৰামীৰ ঘৰো; জীৱন্তে জ্বলাই দিয়া হৈছে তেওঁৰ পত্নীক

নিহত সাংবাদিক ৰষ্টিস্লাভ জুৰাভলেভ আছিল ৰাছিয়াৰ আৰ আই এ সংবাদ সংস্থাৰ যুদ্ধ সংবাদদাতা। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনোৱা মতে, এই আক্ৰমণত ৰষ্টিস্লাভকে ধৰি চাৰিজন সাংবাদিক আহত হৈছিল। তেওঁলোকক উদ্ধাৰ কৰাৰ সময়তে মৃত্যু হয় ৰষ্টিস্লাভৰ।

ৰাছিয়াৰ সেনাই এক বিবৃতিত প্ৰকাশ কৰিছে যে ইউক্ৰেইনৰ বাহিনীয়ে ক্লাষ্টাৰ বোমা ব্যৱহাৰ কৰি আক্ৰমণ চলোৱাত চাৰিজন সাংবাদিক আহত হৈছে। তাৰে এজনৰ মৃত্যু হয়। বাকীসকলৰ আঘাত ‘কিছু গুৰুতৰ’ যদিও সংকটমুক্ত।

এই ঘটনাক লৈ মস্কোৱে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘত ৰাছিয়াৰ উপ-ৰাজদূত ডিমিত্ৰী পলিয়ানস্কিয়ে কয় যে এই আক্ৰমণে চূড়ান্ত নৈতিক সীমা অতিক্ৰম কৰিছে। ৰাছিয়ান ফেডাৰেচন কাউন্সিলৰ উপ-সভাপতি কনষ্টেণ্টিন কোছাচেভে কয় যে কিয়েভ আৰু ৱাশ্বিংটন এই আক্ৰমণৰ বাবে সমানে দায়ী।

লগতে পঢ়ক: ”আমি চোৰ ধৰো আৰু তেওঁলোকে উৎকোচ লৈ মুকলি কৰি দিয়ে’’- ঘাইপথত শুই প্ৰতিবাদ হোমগাৰ্ডৰ

ৰাছিয়াৰ বৈদেশিক মন্ত্ৰালয়ে কয় যে ৰষ্টিস্লাভৰ মৃত্যু পশ্চিমীয়া শক্তি আৰু কিয়েভে সংঘটিত কৰা এক “ঘৃণনীয়, পূৰ্ব পৰিকল্পিত অপৰাধ”। সকলো দিশে এই কথাটোকে আঙুলিয়াই দিয়ে যে সাংবাদিক দলটোৰ ওপৰত হোৱা আক্ৰমণ আকস্মিক নাছিল।

কিন্তু এই ঘটনাত কিয়েভৰ পৰা কোনো তাৎক্ষণিক সঁহাৰি পোৱা হোৱা নাই।

Recent News

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

অনলাইন বেটিং এপ তদন্তত ডাঙৰ পদক্ষেপ; ২১ জুলাইত গুগল আৰু মেটাক তলব ইডিৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

কিডনীৰ সমস্যাই কাঢ়ি নিলে প্ৰাণ! ৫৩ বছৰ বয়সতে মৃত্যু জনপ্ৰিয় অভিনেতাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

গোৱালপাৰাৰ পাইকানত হিংসাত্মক পৰিস্থিতি সৃষ্টিৰ অভিযোগত ২১ জন উচ্ছেদিতক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

যৌন নিৰ্যাতন চলাই নৃশংস হত্যা! মন্দিৰ চৌহদত ১০০টা গণ-সমাধি! নাৰীদেহৰ কংকাল…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd