ৰাছিয়াই দেশখনত বন্ধ কৰিলে এমেনেষ্টি ইন্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ্চৰ কামকাজ

TASS34906724-2

ৰাছিয়াই দেশখনত আইন উলংঘা কৰাৰ অভিযোগত মানৱ অধিকাৰ বিষয়ক সংস্থা এমেনেষ্টি ইন্টাৰনেশ্যনেল আৰু হিউমেন ৰাইটছ ৱাচ্চকে ধৰি ১৫টা বেচৰকাৰী সংস্থাৰ (এন জি অ’) কামকাজ বন্ধ কৰি দিছে।

বিবিচিৰ বাতৰি মতে ৰাছিয়াৰ ন্যায় মন্ত্ৰ্যালয়ে আইন উলংঘাৰ বাবেই তেওঁলোকৰ বিৰুদ্ধে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দিছে। অৱশ্যে এই সন্দৰ্ভত সৱিশেষ জনোৱা হোৱা নাই।

ইপিনে, এমেনেষ্টি ইন্টাৰনেশ্যনেলৰ মুৰব্বী এগনেছ কালামাৰ্ডে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কৈছে যে সত্য উদঙাই দিয়াৰ বাবেই ৰাছিয়াই এনেদৰে তেওঁলোকৰ বিৰুদ্ধে পদক্ষেপ গ্ৰহণ কৰিছে। কিন্তু এনে পদক্ষেপে দেশ আৰু দেশৰ বাহিৰত ৰাছিয়াৰ মানৱাধিকাৰ উলংঘনৰ বিষয়টো আৰু গুৰুত্বসহকাৰে তেওঁলোকক তুলি ধৰাৰ বাবে অনুপ্ৰাণত কৰিব।

লগতে পঢ়ক: আইপিএল-২০২২: পঞ্জাৱৰ বিৰুদ্ধে অন্তিম দুটা বলত ছয় কোবাই গুজৰাটক জয়ী কৰিলে তেওৱাটিয়াই

কালামাৰ্ডে লগতে কয় যে যদি ৰাছিয়াই ভাৱিছে তেওঁলোকৰ কাৰ্যালায় বন্ধ কৰি মানৱাধিকাৰ উলংঘনৰ কামকাজবোৰক গাপ দিব পাৰিব তেতিয়াহ’লে ডাঙৰ ভুল কৰা হ’ব।

উল্লেখ্য যে ৰাছিয়াই ইউক্ৰেইনত সামৰিক অভিযান আৰম্ভ কৰাৰ কেইদিনমান পিছতে দেশখনত সংবাদ মাধ্যমৰ বাবে কঠোৰ আইন আনে। এই আইন অনুসৰি দেশখনৰ সেনা বাহিনীৰ বিষয়ে অসত্য বাতৰি বিয়পালে দীঘলীয়া কাৰাবাসৰ ব্যৱস্থা কৰা হৈছে।