NORTHEAST NOW (Assamese)

এঘন্টাতে ইউক্ৰেইনলৈ ১৭ টা ক্ষেপনাস্ত্ৰ নিক্ষেপ কৰিলে ৰাছিয়াই

February 11, 2023 5:05 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: February 11, 2023 3:41 pm

ৰাছিয়াই শুকুৰবাৰে ইউক্ৰেইনলৈ মাত্ৰ এঘন্টাৰ ভিতৰত উৎক্ষেপণ কৰিলে ১৭টাকৈ ক্ষেপণাস্ত্ৰ। পুৱা ৪ বজাতেই ইউক্ৰেইনলৈ ক্ষেপনাস্ত্ৰ প্ৰেৰণ কৰে ৰাছিয়ান সেনাই। 

‘দ্য কিয়েভ ইণ্ডিপেণ্ডেণ্ট’ নামৰ ইউক্ৰেইনৰ কাকতখনত প্ৰকাশ পাইছে এই তথ্য। বাতৰি কাকতখনত প্ৰকাশ পোৱা তথ্য অনুসৰি যুদ্ধ আৰম্ভ হোৱা পিছত প্ৰথমবাৰৰ বাবে ৰাছিয়াই একেলগে ইমানবোৰ মিছাইল নিক্ষেপ কৰি আক্ৰমণ কৰিছে।

খাৰকিভৰ মেয়ৰ ইগোৰ টেৰখোভে এই আক্ৰমণ হোৱা পিছত কৈছে যে ৰাছিয়াই ইউক্ৰেইনৰ শক্তি কেন্দ্ৰবোৰক লক্ষ্য কৰি লৈছে।

উল্লেখ্য যে এই মিছাইল আক্ৰমণ ইউক্ৰেইনৰ বিভিন্ন স্থানলৈ নিক্ষেপ কৰা হৈছে। ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগে জনোৱা মতে ৰাছিয়াৰ পৰা নিক্ষেপ কৰা ১৭ টা মিছাইলৰ ভিতৰত এটা মিছাইল ইউক্ৰেইনৰ সেনাই ভূপাতিত কৰিবলৈ সক্ষম হৈছে। আনহাতে কৃষ্ণ সাগৰৰ দিশৰ পৰা ৰাছিয়াই প্ৰেৰণ কৰা ৬টা মিছাইল ধ্বংস কৰিবলৈ সক্ষম হৈছে ইউক্ৰেনীয় সেনাই।

কেৱল মিছাইলেৰেই নহয়, শুক্ৰবাৰে মিছাইলৰ লগতে ড্ৰোনৰ দ্বাৰাও আক্ৰমণ চলাইছে ৰুছ সেনা বাহিনীয়ে। ইয়াৰে ভালে কেইটা ড্ৰোন ধ্বংস কৰিবলৈ সক্ষম হোৱা বুলি দাবী কৰিছে ইউক্ৰেইনৰ প্ৰতিৰক্ষা বিভাগে।

Related News