ভয়ংকৰ যুদ্ধৰ ইংগিত! হাজাৰ হাজাৰ লোকক চহৰ এৰি যোৱাৰ নিৰ্দেশ ৰাছিয়ান কৰ্তৃপক্ষৰ

Russia orders Kherson citizens to leave ৰাছিয়াৰ প্ৰশাসনে দক্ষিণ ইউক্ৰেইনৰ খেৰচন চহৰৰ সকলো অসামৰিক লোকক আন ঠাইলৈ যাবলৈ আৰু চহৰখন খালি কৰিবলৈ নিৰ্দেশ দিছে। ইউক্ৰেইনৰ আক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাছিয়াৰ কৰ্তৃপক্ষই এই নিৰ্দেশ জাৰি কৰিছে।টেলিগ্ৰামত শ্বেয়াৰ কৰা এটা পোষ্টত ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে এই সন্দৰ্ভত এক নিৰ্দেশ জাৰি কৰিছে।

যোৱা ফেব্ৰুৱাৰীত ৰাছিয়াৰ আক্ৰমণৰ পিছৰে পৰা খেৰচন ৰাছিয়াৰ নিয়ন্ত্ৰণত আছে। এতিয়া ৰাছিয়াৰ প্ৰশাসনে আশংকা কৰিছে যে ইউক্ৰেনে চহৰখন পুনৰ দখল কৰিবলৈ প্ৰত্যাক্ৰমণ আৰম্ভ কৰিব পাৰে।

লগতে পঢ়ক: আৰু ক্ষমতাশালী হ’ল জিনপিং; কমিউনিষ্ট পাৰ্টিৰ নতুন সংবিধানত অস্বীকাৰ টাইৱানৰ স্বাধীনতা

ৰাছিয়ান প্ৰশাসনৰ সূত্ৰ অনুসৰি, ইউক্ৰেইনৰ সেনা বাহিনী খেৰছনৰ অতি ওচৰলৈ আহিছে। ইউক্ৰেনে যিকোনো মুহূৰ্তত প্ৰতিশোধ ল’ব পাৰে। ফলস্বৰূপে চহৰখনৰ সকলো বাসিন্দাক আগতীয়াকৈ চহৰ এৰি আন সুৰক্ষিত আশ্ৰয়স্থলীলৈ যাবলৈ কোৱা হৈছে।

ৰাছিয়াৰ প্ৰশাসনে ইতিমধ্যে প্ৰায় ৬০ হাজাৰ অসামৰিক লোকক সুৰক্ষিত স্থানলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে। প্ৰায় ২৫ হাজাৰ লোকক স্থানান্তৰ কৰা সম্ভৱ হৈছে। বাকীসকলকো আঁতৰাই নিয়াৰ চেষ্টা চলাই থকা হৈছে।

ইপিনে, ইউক্ৰেইনৰ বায়ু সেনাই শনিবাৰে এক বিবৃতিত কয় যে ৰাছিয়াই ইউক্ৰেইনৰ একাধিক গুৰুত্বপূৰ্ণ স্থানত মিছাইল আক্ৰমণ চলাইছে। বিবৃতিটোত কোৱা হৈছে, “৩৩ টা মিছাইলৰ ভিতৰত ১৮ টা ধ্বংস কৰা হৈছে।”

লগতে পঢ়ক:‘পুলিৎজাৰ’ৰ মঞ্চত সজল মুহূৰ্ত! মৃত পিতৃৰ বঁটা গ্ৰহণ কৰিবলৈ আহিল দুই কণমানি সন্তান

কিয়েভৰ মেয়ৰ ভিটালি ক্লিশকোৱে কয় যে ৰাছিয়াই শনিবাৰে ৰাতিপুৱা ৰাজধানীৰ কেইবাটাও স্থানত আক্ৰমণ চলাইছে।

আনহাতে, ৰাছিয়াই কৈছে যে ৰাষ্ট্ৰপতি পুটিনে আৰম্ভণিৰে পৰা ইউক্ৰেইনৰ সৈতে আলোচনাৰ পক্ষপাতী আছিল আৰু তেওঁৰ সিদ্ধান্ত এতিয়াও সলনি হোৱা নাই। ৰাছিয়ান প্ৰশাসনৰ মুখপাত্ৰ দিমিত্রি পেচকভে শুকুৰবাৰে কয় যে পুটিন “সদায় আলোচনাৰ পক্ষত” আছে। যুদ্ধৰ সমাপ্তিৰ বাবে আলোচনাৰ সম্ভাৱনা সন্দৰ্ভত তেওঁ কয়, “আমি আশা এৰি দিয়া নাই!”