• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সস্তাত বিচাৰিছিল তেল; পাকিস্তানৰ অনুৰোধ কৰ্ণপাতেই নকৰিলে ৰাছিয়াই

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 2, 2022 12:26 pm
161
VIEWS
Share on FacebookShare on Twitter

Russia refuses to sell crude oil to Pakistan ইউক্ৰেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে কম দামত ৰাছিয়াৰ পৰা ইন্ধন তেল ক্ৰয় কৰি আছে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিমীয়া দেশসমূহৰ পৰা বিত্তীয় নিষেধাজ্ঞাৰ বোজা পৰিহাৰ কৰিবলৈ মস্কোৱে দিল্লীৰ “বন্ধুত্ব”ৰ ওপৰত নিৰ্ভৰ কৰিছে। যুদ্ধৰ পৰিস্থিতিৰ সুযোগতে পাকিস্তানেও কম দামত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিব বিচাৰিছিল। কিন্তু পুটিন প্ৰশাসনে ইছলামাবাদৰ কথাত গুৰুত্বই নিদিলে।

বাতৰি অনুসৰি, পাকিস্তানে ৰাছিয়াৰ ইন্ধন তেলৰ ওপৰত ৩০ ৰ পৰা ৪০ শতাংশ ৰেহাই বিচাৰিছিল। কিন্তু ৰাছিয়াই সেই অনুৰোধ নাকচ কৰিছে।

লগতে পঢ়ক: আজি অসম দিৱস; বৰ অসমৰ ভেটি গঢ়োতা স্বর্গদেউ চাওলুং চুকাফাক সুঁবৰিছে ৰাজ্যবাসীয়ে

পাকিস্তানৰ পেট্ৰ’লিয়াম ৰাজ্যিক মন্ত্ৰী মুচাদিক মালিক আৰু শ্বাহবাজ শ্বৰীফ প্ৰশাসনৰ শীৰ্ষ আমোলাসকলে বুধবাৰে মস্কোত ৰাছিয়াৰ প্ৰতিনিধিসকলক সাক্ষাৎ কৰে। আলোচনাৰ শেষত পুটিন চৰকাৰে স্পষ্ট কৰি দিয়ে যে এনে ৰেহাইত তেল বিক্ৰী কৰা সম্ভৱ নহয়। যদিহে  ভৱিষ্যতে কোনো সম্ভাৱনা থাকে সেয়া অৱগত কৰা হ’ব।

জিঅ’ নিউজৰ মতে, পাকিস্তানী প্ৰতিনিধি দলটো তিনিদিনীয়া ভ্ৰমণসূচীৰে ২৯ নৱেম্বৰত মস্কোত উপস্থিত হৈছিল।

লগতে পঢ়ক: আফগানিস্তানলৈ গৈছে লস্কৰ-জৈশৰ দৰে পাকিস্তানী সন্ত্ৰাসবাদী গোট: দাবী প্ৰাক্তন আফগান সুৰক্ষা প্ৰধানৰ

পৰ্যবেক্ষকসকলৰ মতে, এই মুহূৰ্তত ৰাছিয়াই ভাৰত আৰু চীনৰ দৰে ডাঙৰ আৰু বিশ্বাসী দেশবোৰক সস্তাত তেল বিক্ৰী কৰি আছে। এই দুয়োখন দেশৰ সৈতে মস্কোৰ সম্পৰ্ক দীৰ্ঘদিনীয়া। কিন্তু পুটিন প্ৰশাসনে সুযোগ বিচাৰি থকা পাকিস্তানক বিশ্বাস নকৰে।

সূত্ৰ অনুসৰি, মস্কোৱে সস্তাত তেল ক্ৰয় কৰাৰ আগতে ‘পাকিস্তান ষ্ট্ৰীম’ গেছ পাইপলাইন সম্পূৰ্ণ কৰাৰ দাবী জনাইছে। ৰাছিয়াই পাকিস্তানৰ কৰাচী বন্দৰৰ পৰা পঞ্জাৱ প্ৰদেশলৈ পাইপলাইন নিৰ্মাণ কৰাৰ কথা আছিল যদিও কামটো স্থগিত হৈ আছে।

উল্লেখ্য যে ভাৰতে ৰাছিয়াৰ তেল ক্ৰয় কৰাৰ বাবে পশ্চিমীয়া দেশসমূহৰ পৰা বাৰে বাৰে সমালোচনাৰ সন্মুখীন হৈছে। ভাৰতত ৰাছিয়াৰ ৰাষ্ট্ৰদূত ডেনিছ অলিপাভে এই সন্দৰ্ভত কটাক্ষ কৰিছিল।

লগতে পঢ়ক: বিশ্ব ফুটবলত এছিয়াৰ মহাশক্তি! স্পেইনক হৰুৱাই জাৰ্মানীকো বিশ্বকাপৰ বাহিৰ কৰিলে জাপানে

তেওঁ কৈছিল, “পশ্চিমীয়া দেশসমূহে ৰাছিয়াৰ পৰা ভাৰতৰ তেল ক্ৰয়ক গৰিহণা দিছে। আনহাতে, তেওঁলোকে নিজেই ৰাছিয়াৰ শক্তি ক্ৰয় কৰি আছে। গতিকে বুজা যায় যে ইউৰোপীয় দেশবোৰে নিজে নিয়ম প্ৰস্তুত কৰিলেও তেওঁলোকে সেই নিয়মবোৰ অনুসৰণ কৰা নাই।‘’

Recent News

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

স্থানান্তৰ কৰা হ’ব চিন্নাস্বামী ষ্টেডিয়াম! বেংগালুৰুত ক্ৰিকেট অনুৰাগীৰ মৃত্যুৰ পিছতে কৰ্ণাটক চৰকাৰৰ বৃহৎ পদক্ষেপ

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

এণ্ড’মেট্ৰিয়েল কৰ্কটৰোগ আৰু ইয়াৰ চিকিৎসা

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

কোৱাভাতুৰীয়া ওঁঠৰ তলত ফেঁটী সাপ থাকে শুই! দেখাত অমায়িক সোণমক নিজৰ কন্যাৰ দৰে মৰম কৰা শাহুৱেকে কি দাবী কৰিলে?

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

অবৈধ বালি খননৰ খবৰ প্ৰকাশ কৰা মধ্যপ্ৰদেশৰ দুই সাংবাদিকক সুৰক্ষা প্ৰদান উচ্চতম ন্যায়ালয়ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd