পশ্চিমীয়া দেশৰ সাহায্যপ্ৰাপ্ত যুদ্ধাস্ত্ৰ থকা ইউক্ৰেইনৰ সামৰিক ঘাটি ধ্বংস কৰিলে ৰাছিয়াই

Russia-Ukraine war

চলিত ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ দাবানলৰ মাজতে আজি ইউক্ৰেইনৰ দক্ষিণ-পশ্চিম চহৰ ওডেছাত থকা এটা সামৰিক ঘাটি মিছাইল আক্ৰমণেৰে ধ্বংস কৰিছে ৰাছিয়াই।

এই সামৰিক ঘাটিত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় মিত্ৰশক্তিয়ে ইউক্ৰেইনলৈ যোগান ধৰা ড্ৰোন, মিছাইল আৰু গোলাবাৰুদ আদি মজুত আছিল বুলি ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয়, “উচ্চ ক্ষমতাসম্পন্ন নিৰ্ভুল অনিক্স মিছাইলে ওডেচা অঞ্চলৰ এটা সামৰিক কেন্দ্ৰত আঘাত কৰিছে। এই কেন্দ্ৰৰ জৰিয়তে বিদেশী অস্ত্ৰ-শস্ত্ৰ বিতৰণ কৰা হৈছিল।”

“মানৱবিহীন বায়াৰাক্তাৰ TB 2 ড্ৰোন থকা হেংগাৰ, লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউৰোপীয় দেশসমূহৰ পৰা সাহায্যপ্ৰাপ্ত মিছাইল আৰু গোলাবাৰুদ ধ্বংস কৰা হৈছে।”— বিবৃতিটোত লগতে কোৱা হৈছে।

ৰাছিয়াৰ মিছাইল আক্ৰমণে সমগ্ৰ ইউক্ৰেইনৰ বিভিন্ন সামৰিক লক্ষ্য, যেনে- কমাণ্ড চেণ্টাৰ, অস্ত্ৰাগাৰ, আৰু এছ-300 এণ্টি-এয়াৰক্ৰাফ্ট মিছাইল প্ৰণালীত আঘাত হানি আহিছে।

ইফালে ওডেছাৰ গভৰ্ণৰ মাকচিম মাৰ্চেঙ্কোৱে সোমবাৰে সন্ধিয়া কৃষ্ণ সাগৰ বন্দৰ চহৰত ৰাছিয়াৰ ৰকেট আক্ৰমণৰ ফলত কেইবাগৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে বুলি দাবী কৰিছে।