• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ইউক্ৰেইন যুদ্ধৰ বিৰুদ্ধে প্ৰচাৰ চলোৱাৰ ‘অপৰাধ’ত ২৫ বছৰৰ কাৰাদণ্ড ৰাছিয়াৰ মানৱ অধিকাৰ কৰ্মীক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 18, 2023 9:11 am
ৰাছিয়াৰ ৰাজনীতিক তথা মানৱ অধিকাৰ কৰ্মী ভ্লাদিমিৰ কাৰা-মুৰ্জা। ফটো: সংগ্ৰহীত।

ৰাছিয়াৰ ৰাজনীতিক তথা মানৱ অধিকাৰ কৰ্মী ভ্লাদিমিৰ কাৰা-মুৰ্জা। ফটো: সংগ্ৰহীত।

1.5k
VIEWS
Share on FacebookShare on Twitter

ইউক্ৰেইনত ৰাছিয়াৰ সেনা অভিযানৰ বিৰুদ্ধে তেওঁ ইণ্টাৰনেটৰ জৰিয়তে অহৰহ প্ৰচাৰ চলাই আহিছিল। ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ আক্ৰমণাত্মক আচৰণক সমালোচনা কৰিছিল। ৰাছিয়াৰ ৰাজনীতিক তথা মানৱ অধিকাৰ কৰ্মী ভ্লাদিমিৰ কাৰা-মুৰ্জাক সেই “অপৰাধ”ৰ বাবে মস্কোৰ এখন আদালতে ২৫ বছৰৰ কাৰাদণ্ড বিহিছে।

ব্ৰিটিছ বংশোদ্ভুত ৰাছিয়াৰ মানৱ অধিকাৰ আন্দোলনৰ নেতা তথা প্ৰাক্তন সাংবাদিক ৪১ বছৰীয়া মুৰ্জা “পুটিনৰ কঠোৰ সমালোচক” হিচাপে পৰিচিত।

লগতে পঢ়ক: বাথিন্দাত ৪ সহকৰ্মীক হত্যা কৰা ‘সাক্ষী’; সেনা জোৱানক গ্ৰেপ্তাৰ; পোহৰলৈ ‘প্ৰতিশোধ’ৰ কাৰণ

ইউক্ৰেইনৰ যুদ্ধ পৰিস্থিতিত পুটিন বিৰোধী স্থিতিৰ “অপৰাধ”ৰ বাবে বহুতকে গ্ৰেপ্তাৰ কৰা হৈছে। বহুতকে শাস্তি প্ৰদান কৰা হৈছে। আন বহুতেই ভয়ত ৰাছিয়া এৰি যাবলৈ বাধ্য হৈছে। ৰাছিয়া চৰকাৰৰ ‘শেহতীয়া চিকাৰ’ হৈছে মুৰ্জা।

অৱশ্যে মস্কোৰ আদালতত তেওঁ নিজকে নিৰ্দোষী বুলি দাবী কৰে। বৰঞ্চ যুদ্ধৰ পৰিস্থিতিত আইন সলনি কৰি মানৱ অধিকাৰ খৰ্ব কৰাক সমালোচনা কৰে।

সোমবাৰে মুৰ্জাই কয়, ‘মই আক্ষেপ নকৰো, ইয়াৰ বাবে গৌৰৱ অনুভৱ কৰিছো।‘ উল্লেখ্য যে ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত পুটিন চৰকাৰে নতুন আইন জাৰি কৰে, য’ত কোৱা হৈছে যে যিকোনো ব্যক্তিয়ে সেনাবাহিনীক বদনাম কৰিলে ১৫ বছৰ পৰ্যন্ত কাৰাবাসৰ মুখামুখি হ’ব পাৰে। ৰাষ্ট্ৰৰ সমালোচনাৰ শাস্তি আৰু অধিক।

লগতে পঢ়ক:IPL-2023: চিন্নাস্বামীত স্নায়ুযুঁজত বিজয়ী কেপ্টেইন কুল ধোনীৰ চেন্নাই; তীব্ৰ যুঁজ দিও হাৰিল কোহলীৰ দল বাংগালুৰু

ৰাছিয়াৰ মানৱ অধিকাৰ সংস্থাসমূহে অভিযোগ কৰিছে যে সেই দেশৰ ছ’চিয়েল মিডিয়াৰ নিৰন্তৰ নিৰীক্ষণৰ জৰিয়তে যুদ্ধ বিৰোধী কৰ্মীসকলক চিনাক্ত কৰা হৈছে।

Recent News

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

ৰাজনাথ সিঙে ভাৰ্চুৱেলি উদ্বোধন কৰিলে ব্ৰহ্মছ ক্ষেপণাস্ত্ৰৰ নতুন ইউনিট

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

মণিপুৰত আটক অসম ৰাইফলছৰ কনভয়ত আক্ৰমণৰ মাষ্টাৰমাইণ্ড

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

যুদ্ধবিৰতি উলংঘা প্ৰতিহত কৰিবলৈ ফিল্ড কমাণ্ডাৰসক সম্পূৰ্ণ ক্ষমতা প্ৰদান ভাৰতীয় সেনা প্ৰধানৰ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

ভাৰত-পাকিস্তান সংঘাতৰ মাজতে চীনৰ সামৰিক প্ৰযুক্তিৰ গুৰুত্বপূৰ্ণ পৰীক্ষণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd