ৰাছিয়াই আৰ্কটিক অঞ্চলৰ পৰা চীন আৰু ভাৰতলৈ স্বাভাৱিকতকৈ অধিক খাৰুৱা তেল প্ৰেৰণ কৰিছে। বাতৰি অনুসৰি যোৱা মাহত ইউৰোপে ৰাছিয়াৰ তেল আমদানিৰ বিৰুদ্ধে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ৰাছিয়াই দুয়োখন দেশক অধিক তেল প্ৰদান কৰিছে।
বিভিন্ন তথ্য আৰু উৎসৰ উদ্ধৃতি দি আন্তৰ্জাতিক সংবাদ মাধ্যমে এই বাতৰি প্ৰকাশ কৰিছে।
যোৱা ডিচেম্বৰ মাহত জি-৭, ইউৰোপীয় ইউনিয়ন আৰু অষ্ট্ৰেলিয়াই ৰাছিয়ান তেলৰ মূল্য নিৰ্ধাৰণ কৰি দিছিল। ফলস্বৰূপে, ৰাছিয়াই সেই অঞ্চলবোৰলৈ তেলৰ যোগান হ্ৰাস কৰে। মস্কোৱে বিভিন্ন ক্ৰেতা বিচাৰি বিভিন্ন ৰেহাই মূল্যত চীন আৰু ভাৰতলৈ তেল যোগানৰ হাৰ আৰু বৃদ্ধি কৰিছে।
লগতে পঢ়ক: মিছন বসুন্ধৰা: ‘খিলঞ্জীয়া অসুৰক্ষিত-বাংলাদেশীক সংস্থাপন’-দাবী উপমন্যু হাজৰিকাৰ
ছিংগাপুৰস্থিত ব্যৱসায়ীসকলৰ মতে, আৰ্কটিকৰ পৰা উৎপন্ন হোৱা ৰাছিয়ান তেল আগতে সম্পূৰ্ণৰূপে ইউৰোপত গৈছিল যদিও এতিয়া ই এক পৃথক গন্তব্য স্থানলৈ গৈ আছে।
যোৱা মে’ মাহৰ পৰা ভাৰতলৈ এই অঞ্চলৰ পৰা তেল যোগান ধৰা হৈছে। খবৰ অনুসৰি নৱেম্বৰত ভাৰতলৈ ৬.৬ নিযুত বেৰেল আৰু ডিচেম্বৰত ৪.১ নিযুত বেৰেল তেল যোগান ধৰা হৈছিল।
প্ৰতিবেদন অনুসৰি, ইউৰোপৰ মাজেৰে ৯ লাখ বেৰেল তেল ২৭ ডিচেম্বৰত ভূমধ্য সাগৰ আৰু চুৱেজ খালহৈ কেৰালাত উপস্থিত হৈছিল। এই তেলবোৰ ভাৰত পেট্ৰ’লিয়াম নিগমত পৰিশোধিত কৰা হ’ব।
লগতে পঢ়ক: বিমানৰ ইঞ্জিনে গিলি পেলালে গোটে গোটে এজন মানুহ! মৰ্মান্তিক দুৰ্ঘটনাত হতবাক বিশ্ব
ৰাছিয়াই ভাৰতক অধিক খাৰুৱা তেল আগবঢ়াইছে। অৱশ্যে, এই সন্দৰ্ভত ভাৰত পেট্ৰ’লিয়ামৰ পৰা তাৎক্ষণিকভাৱে কোনো মন্তব্য পোৱা হোৱা নাই।