শুকুৰবাৰে ইউক্ৰেইনৰ দখলীকৃত চাৰিটা অঞ্চল ৰাছিয়াৰ সৈতে সংযুক্ত কৰিব পুটিনে!

Russia will annex four regions of Ukraine কাইলৈ অৰ্থাৎ শুকুৰবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনৰ পৰা দখল কৰা চাৰিটা অঞ্চল ৰাছিয়ান ফেডাৰেচনত সংযুক্ত কৰিব।আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰিত এই কথা  প্ৰকাশ পাইছে।

যোৱা শুকুৰবাৰে ইউক্ৰেইনৰ পৰা দখল কৰা ডনেটস্ক, লুহানস্ক, খেৰচন আৰু জাপোৰিজিয়া অঞ্চলত গণভোট আৰম্ভ হৈছিল। এই ভোট বুধবাৰে সমাপ্ত হয়।

ৰাছিয়াই দাবী কৰিছে যে বেছিভাগ ভোট ৰাছিয়াত যোগদান কৰাৰ পক্ষত পৰিছে। বাতৰি মতে, পুটিনে শুকুৰবাৰে চাৰিটা অঞ্চল সংযুক্ত কৰিবলৈ এক স্বাক্ষৰ কাৰ্যসূচী অনুষ্ঠিত কৰিব।

লগতে পঢ়ক: মধ্যাহ্ন ভোজনত কেৱল নিমখ-ভাত; ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে বৰ্খাস্ত অধ্যক্ষ

উল্লেখ্য যে ক্ৰিমিয়াত যি ঘটিছিল ঠিক সেইটোৱে এইবাৰো ঘটিছে। ৰাছিয়াই ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা অমান্য কৰিছে আৰু পূৱ ইউক্ৰেইনৰ অধিকৃত অংশত গণভোট অনুষ্ঠিত কৰিছে। পুটিনে দাবী কৰিছে যে ভোটৰ ফলাফল তেওঁলোকৰ পক্ষত গৈছে। অঞ্চলটোৰ মানুহে ক্ৰেমলিনক এক অভূতপূৰ্ব উপায়েৰে সমৰ্থন কৰিছে। সেয়েহে, এইবাৰ ৰাছিয়াৰ চৰকাৰীভাৱে অধিকৃত অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰাৰ পাল।

ইপিনে, গণভোটৰ ফলাফলৰ বাতৰি ৰাজহুৱা হোৱাৰ লগে লগে ইউক্ৰেনে প্ৰতিবাদ কৰিছে। আমেৰিকা আৰু ইউৰোপে কৈছে যে তেওঁলোকে এই ভোট মানি নলয়।

ৰাষ্ট্ৰসংঘত ভাৰতৰ প্ৰতিনিধি ৰুচিৰা কাম্বোজে কয় যে ৰাছিয়া-ইউক্ৰেইন সংঘাত যি স্থানত উপনীত হৈছে সেয়া আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত যথেষ্ট চিন্তাৰ বিষয়। ৰাষ্ট্ৰসংঘই এইটোও সোঁৱৰাই দিছে যে আন দেশত প্ৰৱেশ কৰা আৰু অঞ্চল দখল কৰি ভোট লোৱাটো আন্তৰ্জাতিক আইনৰ উলংঘন।

লগতে পঢ়ক: গ্ৰেপ্তাৰী পৰোৱানা জাৰি; গ্ৰেপ্তাৰ হ’ব পাৰে একতা কাপুৰ, মাতৃ শোভা কাপুৰ

যুদ্ধ চলি থকাৰ সময়তে ৰাছিয়াই ইউক্ৰেইনৰ চাৰিটা অঞ্চল লুহানস্ক, ডনেটস্ক, জাপোৰিজিয়া আৰু খেৰচনত ভোট অনুষ্ঠিত কৰিছে। এই অঞ্চলবোৰ দখল কৰাৰ পিছত মস্কোৱে নিজৰ বিষয়া নিযুক্ত কৰে। শুনা গৈছিল যে ফলাফল ঘোষণা হোৱাৰ লগে লগে ৰাছিয়াৰ সৈতে অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনলৈ এটা বাৰ্তা প্ৰেৰণ কৰিছিল।

ৰাছিয়াত সোমাবলগীয়া এই চাৰিটা অঞ্চল একেলগে ইউক্ৰেইনৰ ভূমিৰ ১৫ শতাংশ। কিয়েভ আৰু পশ্চিমীয়া দেশবোৰে কৈছে যে কোনো স্বতন্ত্ৰ, নিৰপেক্ষ গণভোট হোৱা নাই, এই সকলোবোৰ ভুৱা।

ৰাছিয়াৰ দ্বাৰা নিযুক্ত লুহানস্ক প্ৰশাসনে দাবী কৰে যে ইয়াৰ ৯৮.৪ শতাংশ বাসিন্দাই ৰাছিয়াত যোগদান কৰাত সমৰ্থন কৰিছে। জাপোৰিজিয়াৰ ৰাছিয়ান প্ৰশাসনে দাবী কৰিছে যে তেওঁলোকৰ অঞ্চলৰ ৯৩.১ শতাংশ ভোট মস্কোৰ সমৰ্থনত গৈছে।

লগতে পঢ়ক:ধুবুৰীত নাও ডুবি চক্ৰ বিষয়াসহ সাতজন সন্ধানহীন

একেদৰে ৰাছিয়াই খেৰচনত ৮৭ শতাংশ ভোট লাভ কৰিছে। ডনেটস্কৰ দায়িত্বত আছে এটা ৰাছিয়ান সমৰ্থিত বিচ্ছিন্নতাবাদী সংগঠন। তেওঁলোকৰ স্বঘোষিত অঞ্চল ‘ডনেটস্ক পিপলছ ৰিপাব্লিক’ৰ মুৰব্বী ডেনিছ পুশিলিনে জনায় যে ৯৯.২ শতাংশ লোকে ৰাছিয়াত পক্ষত ভোট দিছে।