NORTHEAST NOW (Assamese)

২০২৫ চনত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

December 6, 2024 8:22 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: December 6, 2024 7:53 pm

২০২৫ চনত ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। শুকুৰবাৰেও বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই কথা সদৰী কৰিছে।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে সংবাদ মাধ্যমৰ আগত কয় যে অহা বছৰ ভাৰতত ৰাছিয়া আৰু ভাৰতৰ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হ’ব।

তেওঁ কয়, “আমি বাৰ্ষিক সন্মিলনত ৰাছিয়াৰ সৈতে সাক্ষাৎ কৰিম।”

উল্লেখ্য যে যোৱাবাৰ এই সন্মিলন মস্কোত অনুষ্ঠিত হৈছিল। তাত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

উল্লেখ্য যে আন্তঃৰাষ্ট্ৰীয় সমাজে পুটিনৰ ভাৰত ভ্ৰমণৰ ওপৰত গুৰুত্ব দিব। বৃহস্পতিবাৰে মোডী চৰকাৰৰ ‘ইণ্ডিয়া ফাৰ্ষ্ট’ নীতিক প্ৰশংসা কৰাৰ উপৰিও ৰাছিয়াৰ ৰাষ্ট্ৰনেতাগৰাকীয়ে ‘মেক ইন ইণ্ডিয়া’ক লৈও উৎসাহিত হোৱা দেখা গৈছিল। একে সময়তে তেওঁ ভাৰতত বিনিয়োগৰ ক্ষেত্ৰত উৎসাহ প্ৰকাশ কৰে।

Related News