ইউক্ৰেইনত আকৌ ৰক্তক্ষয়ী আক্ৰমণ ৰাছিয়াৰ। ইউক্ৰেইনৰ বিষয়াসকলৰ মতে, দক্ষিণ-পূব ইউক্ৰেইনৰ সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত এটা কাৰাগাৰত ৰাছিয়াই বিমানৰ দ্বাৰা গোলাবৰ্ষণ কৰে।
এই আক্ৰমণত ১৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪২ জন লোক আহত হৈছে।
ইউক্ৰেইনৰ স্থানীয় নেতা ইভান ফেডেৰভে কয় যে জাপ’ৰিজিয়াত নিশাটোৰ ভিতৰতে হোৱা আক্ৰমণত কাৰাগাৰৰ ওচৰৰ ঘৰবোৰো ক্ষতিগ্ৰস্ত হৈছে।
এই সময়ছোৱাত ৰাছিয়াৰ সেনাই আকাশী গ্লাইড বোমাৰে মুঠ আঠটা আক্ৰমণ চলায়।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কাৰাগাৰৰ ওপৰত হোৱা এই আক্ৰমণক গৰিহণা দি যুদ্ধ বিৰতিৰ স্থিতি গ্ৰহণ নকৰাৰ বাবে ৰাছিয়াক সমালোচনা কৰে।
ইউক্ৰেইনৰ ন্যায় মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি কাৰাগাৰত চাৰিটা বোমা বিস্ফোৰণ ঘটিছে। ইয়াৰ ফলত খাদ্য কক্ষ, প্ৰশাসনিক মুখ্য কাৰ্যালয় আৰু কোৱাৰেণ্টাইন এলেকা ভাঙি যায়।এই আক্ৰমণত নিহত আৰু আহত হোৱা আটাইকেইজন বন্দী বুলি মন্ত্ৰালয়ে জানিবলৈ দিয়ে।