কেলেংকাৰি: গ্ৰেপ্তাৰ হ’ল সুন্দৰী টেনিছ তাৰকা, কি কেলেংকাৰিত জৰিত তেওঁ?

jjk

এগৰাকী বিখ্যাত টেনিছ তাৰকাৰ গ্ৰেপ্তাৰে এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে।

পেৰিছৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা টেনিছ তাৰকাগৰাকী হৈছে ৰাছিয়াৰ টেনিছ খেলুৱৈ য়ানা ছিজিকোভা।

২৬ বছৰীয়া ৰাছিয়াৰ টেনিছ তাৰকাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে মেছ ফিক্সিঙকে ধৰি আন ভালে কেইটা অভিযোগ।জানিব পৰা মতে ২০২০ চনৰ ছেপ্তেম্বৰ মাহত ছিজিকোভাই ৰ’নাল্ড গেৰ’ টুৰ্ণামেণ্টৰ সময়ত মেছ ফিক্সিং কৰিছিল।

সেই অভিযোগতে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

অভিযোগ অনুসৰি মেছ ফিক্সিং কৰি খেলুৱৈ গৰাকীয়ে উক্ত টুৰ্ণামেণ্টত পৰাজিত হৈছিল।

গ্ৰেপ্তাৰৰ পিছতে পেৰিছ আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে।ইপিনে ফ্ৰেন্স ফেডাৰেছন অৱ টেনিছে খেলুৱৈগৰাকীক গ্ৰেপ্তাৰ কৰাৰ কথাটো স্বীকাৰ কৰিছে।

অৱশ্যে বিষয়টো যিহেতু পেৰিছ আৰক্ষীৰ তদন্তনাধীন হৈ আছে সেয়ে টেনিছ ফেডাৰেছনে এই বিষয়ত কোনো মন্তব্য কৰিব বিচৰা নাই।