NORTHEAST NOW (Assamese)

বিলাসীপাৰাত ৰাছিয়াৰ মহিলা, সলসলীয়াকৈ গালে শ্ৰীমদ্ভাগৱত গীতা

October 17, 2022 9:48 pm · তিলক চন্দ্ৰ প্ৰসাদ, চাপৰ
Updated: October 17, 2022 9:50 pm

নামনি অসমৰ ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা চহৰৰ হনুমান মন্দিৰৰ সমীপত অৱস্থিত বজৰং বিবাহ ভৱন প্ৰাংগণত কাৰ্তিক দামোদৰ মাহৰ শুভলগ্নত ’ইস্কন’ ৰ দ্বাৰা শ্ৰীমদ্ভাগৱত পাঠ আৰু সংকীৰ্তন অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

ইস্কনৰ কৰ্মী সুদামা সমিত্ৰ দাসে এই কথা প্ৰকাশ কৰিছে। অনুষ্ঠানত আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে ৰাছিয়াৰ পৰা অহা সুমুখি দাসী। ৰাছিয়াৰ মহিলাগৰাকীয়ে ইংৰাজী ভাষাত গীতা আওঁৰাই সকলোকে মোহিত কৰে।   

 

কলকাতাৰ পৰা অহা ৰঘুকুল নাথ দাস তথা শ্ৰীধাম মায়াপুৰৰ পৰা অহা শ্ৰীপাদ ত্ৰিভংগ মুৰাৰী দাসেও অনুষ্ঠানত শ্ৰীমদ্ভাগৱত গীতা পাঠ কৰে।

আমন্ত্ৰিত অতিথি বৃন্দক ফুলৰ মালা মাল্য আৰু ফুলাম গামোছাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিলাসীপাৰা চহৰত হৰি নামৰ এক সুন্দৰ নগৰ কীৰ্তন উলিয়াই চহৰ পৰিভ্ৰমণ কৰা হয়।

গৌৰ আৰতি আৰু আকৰ্ষণীয় বন্তি প্ৰজ্বলন তথা দ্বীপ দান পৰ্ব আছিল অনুষ্ঠানৰ আন এক আকৰ্ষণ ।

Related News