‘থালা’ যুগৰ অৱসানঃ চেন্নাই চুপাৰ কিংছৰ নেতৃত্ব ত্যাগ ধোনীৰ, গাইকোৱাডক দায়িত্ব অৰ্পণ

Ruturaj Gaikwad MS Dhoni CSK

হাতত গ্ল’ভছ্ পিন্ধি উইকেটৰ পিছফালৰ পৰা কৌশলী বেহু নিৰ্মাতা ৰূপত আৰু দেখা পোৱা নাযাব ‘কেপ্তেইন কুল’ক। এতিয়া কেৱল অনুৰাগীৰ মুখত গুঞ্জৰিত হোৱাহে শুনিব সেই বাক্য, “এক থা, যৌ উইকেট কে পিছে সে মেচ পলট দেতা থা!“

এতিয়া চিৰদিনৰ বাবে ইতিহাস হৈ ৰ’ব ‘কেপ্তেইন কুল’। নীলা জাৰ্চীত ইতিপূৰ্বেই অতীত হোৱা ‘কেপ্তেইন কুল’ শব্দটি হালধীয়া জাৰ্চীতো হৈ পৰিল অতীত। যৱনিকা পৰিল এক সোণালী যুগৰ।  আই পি এল আৰম্ভ হোৱাৰ প্ৰাকক্ষণত আজি চেন্নাই ছুপাৰ কিংছৰ নেতৃত্ব ত্যাগ কৰিছে এম এছ ধোনীয়ে।

চেন্নাই ছুপাৰ কিংছে নিজ ৱেবছাইটত এক বিবৃতি যোগে এই ঘোষণা কৰিছে। বিবৃতি অনুসৰি, টাটা আই পি এল ২০২৪ আৰম্ভ হোৱাৰ পূৰ্বে এম এছ ধোনীয়ে চেন্নাই ছুপাৰ কিংছৰ অধিনায়কত্ব ৰুতুৰাজ গাইকোৱাডৰ হাতত অৰ্পণ কৰিছে।

বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া আই পি এলৰ ১৭ সংখ্যক সংস্কৰণৰ পূৰ্বে আজি ফ্ৰেন্সাইজিসমূহৰ অধিনায়কসকলৰ বৈঠকত চেন্নাইৰ হৈ ধোনীৰ পৰিৱৰ্তে গাইকোৱাডে অংশগ্ৰহণ কৰিছিল। তাৰ কিছু সময় পিছতে ফ্ৰেন্সাইজিটোৱে দলৰ নেতৃত্ব পৰিৱৰ্তনৰ বিষয়ে ঘোষণা কৰে।

উল্লেখ্য যে আই পি এলৰ উদ্বোধনী ছিজনৰ পৰাই ধোনী চি এছ কেৰ অধিনায়ক আছিল। তেওঁৰ নেতৃত্বতে চেন্নায়ে পাঁচবাৰকৈ খিতাপ দখল কৰিছে। মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক ৰোহিত শৰ্মাৰ সৈতে যৌথভাৱে প্ৰতিযোগিতাখনৰ সফল অধিনায়ক হিচাপে পৰিগণিত হৈছে ধোনী।

অৱশ্যে তাৰ মাজতে ১৫ সংখ্যক সংস্কৰণত ফ্ৰেন্সাইজিটোৱে ধোনীৰ স্থানত অল-ৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাক অধিনায়কত্বৰ ভূমিকাত পৰীক্ষা কৰিছিল যদিও এই পৰীক্ষণ বিফল হোৱাত ধোনীক পুনৰ নেতৃত্ব অৰ্পণ কৰা হৈছিল। তাৰ পিছতে ধোনীৰ নেতৃত্বত বিগত সংস্কৰণত খিতাপ জয় কৰিছিল দলটোৱে।

ধোনীৰ নেতৃত্বত চেন্নায়ে ২০১০, ২০১১, ২০১৮, ২০২১ আৰু ২০২৩ সংস্কৰণৰ আই পি এল খিতাপ দখল কৰাৰ লগতে ২০১০ আৰু ২০১৪ চনত চেম্পিয়নচ্ লীগ টি ২০ খিতাপো দখল কৰিছে। এতিয়া ধোনীৰ স্থানত গাইকোৱাডৰ ৰূপত চেন্নায়ে ভৱিষ্যতৰ পৰিকল্পনা ৰচনা কৰিব।