NORTHEAST NOW (Assamese)

‘ৰাজনৈতিক লাভৰ বাবে সন্ত্ৰাসবাদক সমৰ্থন কৰাটো উচিত নহয়’, ৰাষ্ট্ৰসংঘলৈ বৈদেশিক মন্ত্ৰী জয়শংকৰৰ বাৰ্তা।

September 27, 2023 9:09 am · এন ই নাও নিউজ, গুৱাহাটী

এফালে কানাডাৰ সৈতে ভাৰতৰ কূটনৈতিক সংঘাত চলি থকাৰ সময়ত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে সন্ত্ৰাসবাদৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘলৈ বাৰ্তা প্ৰেৰণ কৰে। 

উল্লেখ্য যে, নিউয়ৰ্কত চলি আছে ৰাষ্ট্ৰসংঘৰ ৭৮ সংখ্যক সাধাৰণ পৰিষদ। মঙলবাৰে সেই বৈঠকত বৈদেশিক মন্ত্ৰী জয়শংকৰে অংশগ্ৰহণ কৰিছিল। কোনো দেশৰ নাম নোলোৱাকৈ বৈদেশিক মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে ভাৰতে সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ বিষয়টো সহ্য নকৰে। খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জাৰৰ মৃত্যুৰ পিছত কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে ভাৰতলৈ আঙুলিয়াই দিয়ে, তেতিয়া বৈদেশিক মন্ত্ৰীৰ বাৰ্তা যথেষ্ট তাৎপৰ্যপূৰ্ণ বুলি বিবেচিত হয়।

আজিৰ দিনটোতে জয়শংকৰে কয় যে ৰাজনৈতিক লাভালাভৰ কথা মনত ৰাখি সন্ত্ৰাসবাদক সমৰ্থন কৰা উচিত নহয়। একে সময়তে কিছুমান দেশে নিজাকৈ এজেণ্ডা তৈয়াৰ কৰে আৰু আন কিছুমানে মানি ল’ব বুলি আশা কৰে বুলিও তেওঁ কয়। তেওঁ লগতে উল্লেখ কৰে যে নতুন দিল্লীয়ে কূটনীতি আৰু আলোচনাই ইয়াৰ সমাধানৰ একমাত্ৰ উপায় বুলি ভাবে।

এক বিশ্ব-এক পৰিয়ালৰ ধাৰণাৰ কথা উল্লেখ কৰি বৈদেশিক মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে এয়া কেৱল ভাৰতৰ ধাৰণা নহয়, সমগ্ৰ বিশ্বই ইয়াত বিশ্বাস কৰে। ইয়াৰ ফলস্বৰূপে সহযোগিতাৰ বীজ সিঁচা সম্ভৱ বুলিও তেওঁ কয়।

মন কৰিব, ৰাষ্ট্ৰসংঘত জয়শংকৰৰ ভাষণে আকৌ এবাৰ দেশৰ নাম সলনি হোৱাৰ ইংগিত দিলে। কেন্দ্ৰীয় মন্ত্ৰীৰ মুখত ইণ্ডিয়াৰ পৰিৱৰ্তে ভাৰতৰ নাম শুনা গ’ল। তেওঁ কয়, “ভাৰতৰ পৰা নমস্তে” মানে তেওঁ ভাৰতৰ পৰা বাৰ্তা লৈ ৰাষ্ট্ৰসংঘলৈ গৈছিল।

Related News