এই গেলা গৰমত যৌন সম্পৰ্ক কৰাতো স্বাস্থ্যৰ পক্ষে ভাল নে বেয়া? জানি লওক সকলো কথা

জলবায়ু পৰিৱৰ্তন আৰু ক্ৰমান্বয়ে বৃদ্ধি পোৱা উষ্ণতাৰ বাবে গৰমৰ দিনকেইটা সকলোৰে বাবে অসহ্যকৰ হৈ পৰে। অত্যধিক গৰমত শাৰীৰিক পৰিশ্ৰম কৰিবলৈ একেবাৰেই মন নাযায়। কিন্তু স্বভাৱগতভাবে গৰমৰ কালছোৱাতো মানুহৰ মনৰ ভিতৰত কামনা-বাসনা সক্ৰিয় হৈ থাকে। কিন্তু অত্যধিক গৰমৰ বাবে বহুতেই যৌন সম্পৰ্ক স্থাপনৰ পৰা আঁতৰি থাকে। আনহাতে আন কিছুমান লোকে যৌন সম্পৰ্ক স্থাপন কৰি না না সমস্যাত ভোগা দেখা যায়। সেয়েহে আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিব খুজিছোঁ এই সকলো কথা আগুৰি লোৱাকৈ এটা বিশেষ লেখা।

অত্যধিক গৰমত যৌন সম্পৰ্ক স্থাপন কৰাটো ভাল নে বেয়া সেই লৈ না না বিতৰ্কৰ সূচনা হৈছে। লাহে লাহে এই বিতৰ্কটো সকলোৰে আগ্ৰহৰ বিষয় হৈ পৰিছে।

গৰম বাঢ়ি অহাৰ লগে লগে আমাৰ যৌন জীৱনত তাপৰ প্ৰভাৱ বুজি পোৱাটো অতি প্ৰয়োজনীয়হৈ পৰিছে। সেয়ে এই লেখাটোত আমি বিশেষজ্ঞৰ মতামত আৰু বৈজ্ঞানিক অধ্যয়নৰ এক পৰিসৰৰ ভিত্তিত যৌন ইচ্ছা, কামনা, ঘনিষ্ঠতা, আৰু উৰ্বৰতাৰ ওপৰত তাপৰ প্ৰভাৱৰ বিষয়ে গভীৰভাৱে আলোচনা কৰিম।

১/ যৌনতা আৰু কামনাত গৰমৰ প্ৰভাৱ

উষ্ণতা বৃদ্ধি হ’লে শৰীৰত বিভিন্ন হৰম’নৰ পৰিৱৰ্তন ঘটে যিয়ে যৌন ইচ্ছাত প্ৰভাৱ পেলাব পাৰে। ২০১৫ চনত আমেৰিকাত হোৱা এক অধ্যয়ন অনুসৰি গৱেষকসকলে লক্ষ্য কৰিছে যে ১৯৩১ চনৰ পৰা ২০১০ চনৰ ভিতৰত গৰমৰ দিনত ২৬ ৰ পৰা ৩২ ডিগ্ৰী চেলছিয়াছৰ দিনকেইটাত প্ৰতিটো দিনৰ বিপৰীতে ৯ মাহৰ পিছত সন্তান জন্মৰ সংখ্যা ০.৪ শতাংশ কম। অৰ্থাৎ ইয়াৰ পৰা অনুমান কৰিব পাৰি যে অত্যধিক গৰমে কামনা আৰু যৌন কাৰ্য্যকলাপ হ্ৰাস কৰিব পাৰে, যাৰ ফলত গৰ্ভধাৰণ কম হ’ব পাৰে।

গ্ৰীষ্মকালত ভিটামিন ডি আৰু চেৰ’টনিনৰ মাত্ৰা অধিক হ’লে মানুহে অধিক যৌন উত্তেজনা অনুভৱ কৰিব পাৰে, কিন্তু জলবায়ু পৰিৱৰ্তনৰ বাবে হোৱা অত্যধিক উষ্ণতাই ইয়াৰ বিপৰীত প্ৰভাৱ পেলাব পাৰে। উচ্চ উষ্ণতাৰ সংস্পৰ্শলৈ আহিলে পুৰুষৰ মানসিক চাপৰ হৰম’ন বৃদ্ধি, খং, উচ্চ ৰক্তচাপ বৃদ্ধি পোৱাৰ বিপৰীতে টেষ্ট’ষ্টেৰনৰ মাত্ৰাও হ্ৰাস পাব পাৰে, যাৰ ফলত কামনাশক্তি হ্ৰাস পোৱাৰ সম্ভাৱনা থাকে।

অত্যধিক গৰমে আমাৰ যৌন ইচ্ছাক প্ৰভাৱিত কৰি আমাক শাৰীৰিকভাৱে অস্বস্তিকৰ কৰি তুলিব পাৰে আৰু অন্তৰংগ কাম-কাজত লিপ্ত হোৱাৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ঘামচি, পানীলগা আৰু সামগ্ৰিকভাৱে ক্লান্তিৰ অনুভৱে যৌনতাৰ ধাৰণাটোক কম আকৰ্ষণীয় কৰি তুলিব পাৰে, বিশেষকৈ গৰমত শাৰীৰিক স্পৰ্শই আৰু অধিক অস্বস্তি বৃদ্ধি কৰিব পাৰে। 

ইয়াৰ উপৰিও অত্যধিক উত্তাপে মানসিক স্বাস্থ্যজনিত সমস্যা যেনে “ইক‘-এংজাইটি”ৰ সৃষ্টি কৰিব পাৰে, যিয়ে যৌন ইচ্ছা আৰু উত্তেজনাত আৰু অধিক বাধাৰ সৃষ্টি কৰিব পাৰে।

২/ ঘনিষ্ঠতা আৰু সম্পৰ্কৰ ওপৰত তাপৰ প্ৰভাৱ

গৰমত দম্পতী সকলে শাৰীৰিক ঘনিষ্ঠতা বজাই ৰখাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। কিয়নো গৰম জলবায়ুৱে ঘনিষ্ঠ সংস্পৰ্শক অসহ্যকৰ কৰি তুলিব পাৰে। উদাহৰণস্বৰূপে, পৰম্পৰাগত মিছনেৰী অৱস্থান অত্যধিক গৰমত উপযুক্ত নহ’বও পাৰে, কিয়নো এনে অৱস্থান গ্ৰহণ কৰি যৌন কাৰ্যত লিপ্ত হ’লে দুয়ো ওচৰত থকাৰ বাবে ঘাম আৰু শৰীৰৰ উত্তাপে অস্বস্তি সৃষ্টি কৰিব পাৰে। গতিকে দম্পতীসকলে গৰমত আৰামদায়ক আৰু সন্তোষজনক সম্ভোগৰ বাবে শৰীৰৰ সংস্পৰ্শ কম হ’ব পৰা বিকল্প অৱস্থান গ্ৰহণ কৰিব লাগিব। 

অত্যধিক গৰমে যৌন সম্পৰ্কত আৱেগিক সংযোগ স্থাপনৰ ক্ষেত্ৰটো প্ৰভাৱ পেলাব পাৰে। অতিপাত উত্তাপৰ ফলত সৃষ্টি হোৱা অস্বস্তি আৰু খঙৰ ফলত সংগীৰ মাজত উত্তেজনা আৰু তৰ্ক বৃদ্ধি পাব পাৰে। তদুপৰি অতিপাত উত্তাপৰ বাবে সৃষ্টি হোৱা যৌন ঘনিষ্ঠতাৰ অভাৱে সম্পৰ্কত সামগ্ৰিকভাবে নেতিবাচক প্ৰভাৱ পেলাব পাৰে, কিয়নো যৌন সন্তুষ্টিয়ে সুস্থ আৰু প্ৰেমময় বান্ধোন বজাই ৰখাত উল্লেখযোগ্য ভূমিকা পালন কৰে।

৩/ উৰ্বৰতা আৰু প্ৰজনন স্বাস্থ্যৰ চিন্তা

গৱেষণাৰ পৰা দেখা গৈছে যে অত্যধিক গৰমে শুক্ৰাণুৰ গুণাগুণত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। অধ্যয়নত দেখা গৈছে যে গৰমৰ দিনত শুক্ৰাণুৰ অৱনতি ঘটে। ইয়াৰ ফলত নিষেচনৰ সম্ভাৱনা হ্ৰাস পাব পাৰে আৰু গৰ্ভধাৰণত সমস্যাই দেখা দিব পাৰে।

জলবায়ুৰ পৰিৱৰ্তনে পুৰুষ আৰু মহিলা নৱজাতকৰ অনুপাততো প্ৰভাৱ পেলাব পাৰে। জাপানত কৰা এক অধ্যয়নত দেখা গৈছে যে জলবায়ু পৰিৱৰ্তনে এই অনুপাত সলনি কৰিব পাৰে। উষ্ণতা বৃদ্ধি পোৱা ঠাইত অধিক পুৰুষ আৰু অন্যান্য পৰিৱেশ পৰিৱৰ্তন, যেনে খৰাং বা গোলকীয় উষ্ণতাৰ ফলত হোৱা বন্য অগ্নিকাণ্ডৰ সন্মুখীন হোৱা অঞ্চলত কম পুৰুষৰ জন্ম হয়। জলবায়ুৰ পৰিবৰ্তনৰ ফলত উদ্ভৱ হোৱা মানসিক চাপে পুৰুষৰ ভ্ৰূণ আৰু ভ্ৰুণৰ দুৰ্বলতাৰ বাবে লিংগ অনুপাততো প্ৰভাৱ পেলাব পাৰে।

৪/ অত্যধিক গৰমৰ যৌন সম্পৰ্ক উপভোগ কৰাৰ পৰামৰ্শ