NORTHEAST NOW (Assamese)

দেশৰ ১২,০০০ যুৱ চিকিৎসকৰ সৈতে মত বিনিময় কৰিলে ক্ৰিকেটৰ ‍‘ভগৱান’ শচীন টেণ্ডুলকাৰে

April 12, 2020 6:29 pm · এন ই নাও নিউজ

শনিবাৰে ‍‘ক্ৰিকেটৰ ভগৱান’ শচীন টেণ্ডুলকাৰে দেশৰ ১২ হাজাৰ চিকিৎসকৰ সৈতে খেলৰ সৈতে জৰিত বিভিন্ন আঘাতজনিত সমস্যাৰ বিষয়ে নিজৰ জ্ঞান আৰু মতামত প্ৰকাশ কৰে।

দুই দশকৰো অধিক কালৰ ক্ৰিকেট কেৰিয়াৰত শচীনে বিভিন্ন আঘাতজনিত সমস্যাৰ মুখামুখি হৈছিল যদিও টেনিছ এল্বোৰ সমস্যা আছিল প্ৰধান।

কিন্তু শচীনক কোনো আঘাতে ক্ৰিকেটৰ পৰা দূৰত ৰাখিব নোৱাৰিলে।

নিজৰ কেৰিয়াৰত ২০০খন টেষ্ট মেচ আৰু ৪৬৩ খন এদিনীয়া মেচ খেলা শচীনে হাড়ৰ বিশেষজ্ঞ ডাঃ সুধীৰ ৱাৰিয়ৰৰ জৰিয়তে জানিবলৈ পাই যে দেশৰ যুৱ চিকিৎসকসকলে লকডাউনৰ এই সময়ত ‍‘লাইভ ৱেবিনাৰ’ৰ জৰিয়তে খেল সম্বন্ধীয় আঘাতৰ বিষয়ে নিজৰ জ্ঞান প্ৰকাশ কৰি আছে।

এই সম্বন্ধে শনিবাৰে লাইভযোগে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছিল আৰু টেণ্ডুলকাৰে নিজৰ জীৱনত লাভ কৰা অনুভৱখিনি যুৱ চিকিৎসকলৰ কামত আহিব বুলিয়েই উক্ত মত বিনিময় কাৰ্যসূচীত অংশ লয়।

অনুষ্ঠানটোত টেণ্ডুলকাৰে দেশৰ ভিন্ন প্ৰান্তৰ মুঠ ১২ হাজাৰ চিকিৎসকৰ সৈতে কথা পাতে।

Related News