আজিৰে পৰা মাৰ্ঘেৰিটাত মণ্ডল কাননগো অসহযোগ আন্দোলন

nor

অসমত ভূমি পুনৰ বন্দৱস্তি প্ৰক্ৰিয়া অতি শীঘ্ৰে আৰম্ভ কৰা, সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ অন্যান্য দিনীয়াকৈ দাবীসমূহ পূৰণ কৰা, মণ্ডল কাননগো সকলক আন্তঃজিলা বদলিকৰণৰ প্ৰস্তাৱ পুনৰ বিবেচনা কৰাৰ দাবী সহ মুঠ ১৮ দাবীত সদৌ অসম মণ্ডল কাননগোৰ অসহযোগ আন্দোলন কাৰ্যসূচী আজিৰে পৰা সদৌ অসম ভিত্তিত আৰম্ভ হৈছে৷

মাৰ্ঘেৰিটা চক্ৰ বিষয়া কাৰ্য্যালয়তো আজিৰে পৰা তিনিদিনীয়াকৈ আন্দোলন কাৰ্যসূচী ৰূপায়ণ কৰিছে মণ্ডল কাননগো সকলে।

মণ্ডলসকলৰ এই অসহযোগ আন্দোলনৰ ফলত ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ সকলো কাম কাজ বন্ধ হৈ পৰিছে৷

প্ৰথম পৰ্যায়ত ২৪, ২৫, ২৬ ছেপ্টেম্বৰ আৰু দ্বিতীয় পৰ্যায়ত ৩, ৪, ৫, ৬ অক্টোবৰত এই আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছতো যদি চৰকাৰে দাবীসমূহ আলোচনাৰ মাধ্যমেৰে মানি নলয় তেনেহ’লে অধিক তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সদৌ অসম মণ্ডল কাননগো সন্মিলনীৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক নিতুল গগৈ আৰু মাৰ্ঘেৰিটা শাখাৰ সম্পাদক নিলম জ্যোতি দত্তই সংবাদ মাধ্যমক জানিবলৈ দিছে৷