গান্ধী হত্যাকাৰী ‘নাথোৰাম গডচে দেশভক্ত’ : সাংসদ সাধ্বী প্ৰজ্ঞাৰ আকৌ বিস্ফোৰণ

pragya_thakur

জাতিৰ পিতা মহাত্মা গান্ধীক গুলীয়াই হত্যা কৰা নাথোৰাম গডচেক পুনৰ দেশভক্ত বুলি দাবী কৰিছে বিজেপিৰ লোকসভাৰ সাংসদ সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰে।

উল্লেখ্য যে মংগলবাৰে মধ্যপ্ৰদেশত জাতিৰ পিতা গান্ধী হত্যাকাৰী নাথোৰাম গডচেৰ নামত প্ৰতিষ্ঠা কৰা ‘গডচে জ্ঞানশালা’ নামৰ পুথিভঁৰাল আৰক্ষীয়ে বন্ধ কৰি দিয়ে।

এই প্ৰসংগটোকে লৈ ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দ্বিগবিজয় সিঙে টুইটাৰত নাথোৰাম গডচেৰ দৰে লোকক মহিমামণ্ডিত কৰিব খোজা লোকসকলে লাজ পোৱা উচিত বুলি মন্তব্য কৰে।

জ্যেষ্ঠ কংগ্ৰেছী নেতাজনৰ টুইটৰ প্ৰত্যুত্তৰত বিজেপিৰ লোকসভাৰ সাংসদ সাধ্বী প্ৰজ্ঞা সিং ঠাকুৰে নাথোৰাম গডচেক দেশভক্ত বুলি পুনৰ আখ্যা দিয়ে।

“চাওক কংগ্ৰেছে বাৰে বাৰে দেশভক্তসকলক গালি গালাজ কৰি আহিছে। তেওঁ গেৰুৱা সন্ত্ৰাসৰ কথা কৈছে। ইয়াতকৈ দুখৰ কথা আৰু কি হ’ব পাৰে?” বিতৰ্কিত সাংসদ প্ৰজ্ঞা ঠাকুৰে কয়।

স্মৰ্তব্য যে ইয়াৰ আগতেও নাথোৰাম গডচেক দেশভক্ত বুলি আখ্যা দি বিতৰ্কৰ সৃষ্টি কৰিছিল সাংসদ প্ৰজ্ঞা ঠাকুৰে।

তাৰ বিৰুদ্ধে দেশজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছত সাধ্বী প্ৰজ্ঞাই সেই মন্তব্যৰ বাবে দেশবাসীৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হৈছিল।

পিছে দেখা গৈছে সেই ঘটনাৰ পৰা কোনো শিক্ষা লাভ নকৰিলে বিজেপিৰ বিতৰ্কিত সাংসদগৰাকীয়ে, যাৰ ফলত পুনৰ আকৌ নাথোৰাম গডচেক দেশভক্ত বুলি দাবী কৰিছে সাংসদগৰাকীয়ে।

ইফালে মধ্যপ্ৰদেশত যোৱা দেওবাৰে অখিল ভাৰতীয় হিন্দু মহাসভা নামৰ সংগঠনটোৱে ‘গডচে জ্ঞানশালা’ নামৰ এক পুথিভঁৰাল উদ্বোধন কৰিছিল।

এই খবৰ বিয়পি পৰাৰ লগে লগেই ব্যাপক সমালোচনাৰ সন্মুখীন হয় হিন্দুত্ববাদী সংগঠনটো। ৰাজ্যখনত সৃষ্টি হোৱা হোৱা ব্যাপক প্ৰতিক্ৰিয়াৰ ফলত ৰাজ্য চৰকাৰৰ গৃহ দপ্তৰে উক্ত পুথিভঁৰালটো বন্ধ কৰিবলৈ আৰক্ষী নিৰ্দেশ দিবলৈ বাধ্য হয়।