‘কেব’ৰ পূৰ্বে খিলঞ্জীয়া লোকক সাংবিধানিক সুৰক্ষাকৱচ প্ৰদান কৰক : গৃহ মন্ত্ৰীলৈ অগপৰ পত্ৰ

AGP-ministers-

ফাইল ফটো

বৃহস্পতিবাৰে অসম গণ পৰিষদ (অগপ) দলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰাৰ পূৰ্বে অসমৰ খিলঞ্জীয়া লোকক সাংবিধানিক সুৰক্ষাকৱচ প্ৰদান কৰিবলৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক পত্ৰযোগে দাবী জনায়।

অগপৰ সভাপতি অতুল বৰাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ পক্ষত অৱস্থান গ্ৰহণ কৰাৰ ফলত সন্মুখীন হোৱা সমালোচনাৰ পিছতেই এই পদক্ষেপ গ্ৰহণ কৰে।

আঞ্চলিক দলটোৰ একাংশ জিলা সমিতিয়ে সভাপতি অতুল বৰাৰ মন্তব্যৰ বিৰোধ প্ৰদৰ্শন কৰাৰ পিছতেই বৃহস্পতিবাৰে দলটোৰ বিধায়কসকলে এক জৰুৰী আলোচনাত মিলিত হয়। বৈঠকত অসম চুক্তি ৰূপায়ণৰ লগতে কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি গৃহ মন্ত্ৰী শ্বাহলৈ পত্ৰ প্ৰেৰণ কৰে।

পত্ৰখনৰ জৰিয়তে অগপই অসমৰ থলুৱা লোকৰ বাবে বিধানসভা, লোকসভাৰ লগতে চৰকাৰী চাকৰিত এশ শতাংশ সংৰক্ষণৰ দাবী জনায়।

ইয়াৰ উপৰি আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰদানৰ ব্যৱস্থাৰ উপৰি চুতীয়া, মটক, মৰাণ, কোচ ৰাজবংশী, টাই আহোম আৰু চাহ জনগোষ্ঠীক জনজাতিকৰণ কৰাৰো দাবী উত্থাপন কৰে।

জৰুৰীভাৱে আহ্বান জনোৱা কালিৰ এই বৈঠকত উপস্থিত নাছিল দলটোৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰফুল্ল কুমাৰ মহন্ত, বৃন্দাবন গোস্বামী আৰু পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা।

ইফালে বৈঠকৰ অন্তত দলৰ কাৰ্যকৰী সভাপতি তথা ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই বিধেয়কখন গৃহীত কৰাৰ পূৰ্বে অসমৰ খিলঞ্জীয়া লোকৰ সাংবিধানিক সুৰক্ষাকৱচ প্ৰদান কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায়।

উল্লেখ্য যে ৰাজ্যজুৰি দল-সংগঠনে কেবৰ বিৰোধিতা কৰি থকাৰ সময়তে দলটোৰ সভাপতি অতুল বৰাই বিজেপিৰ পক্ষত অৱস্থান লোৱাক কেন্দ্ৰ কৰি তীব্ৰ সমালোচনা কৰিছিল প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই।