‘সহায় The Helping Hand’ৰ উদ্যোগত মাৰ্ঘেৰিটাত বুঢ়ীদিহিং নৈৰ আৱৰ্জনা পৰিস্কাৰ

FB_IMG_1609672908621

‘সহায় The Helping Hand’ নামৰ মাৰ্ঘেৰিটাৰ স্বেচ্ছাসেৱী সংগঠনটোৰ উদ্যোগত আজি ইংৰাজী নৱবৰ্ষ তৃতীয়টো দিনত মাৰ্ঘেৰিটা নগৰৰ মাজেৰে বৈ যোৱা বুঢ়ীদিহিং নৈখন পৰিস্কাৰ কৰাৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হয়।

স্বেচ্ছাসেৱী সংগটনটোৰ সদস্যসকলে মাৰ্ঘেৰিটা বজাৰৰ কাষেৰে বৈ যোৱা বুঢ়ীদিহিং ৰে’লৱে  দলঙৰ তলৰ ভাগত পৰি থকা আৱৰ্জনা পৰিস্কাৰ কৰে।

উল্লেখ্য যে মাৰ্ঘেৰিটাৰ একাংশ নৱপ্ৰজন্মৰ যুৱক-যুৱতীৰ ঐক্যবদ্ধ সংগঠনটোৱে বিগত ৪ সপ্তাহ ধৰি মাৰ্ঘেৰিটা নগৰৰ মাজেৰে বৈ যোৱা নৈখনৰ পাৰসমূহ পৰিস্কাৰ কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।

অৱশ্যে এইক্ষেত্ৰত মাৰ্ঘেৰিটা বজাৰ সমিতিৰ পৰা আশা ব্যঞ্জক সহাঁৰি লাভ নকৰাত সংগঠনটোৰ নেতৃত্ববৃন্দ কিছু হতাশ হোৱা বুলিও মন্তব্য কৰিছে।

এনে কাৰ্যসূচী নিয়মীয়াকৈ ৰূপায়ণ কৰি যোৱাৰ পণ লৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে ‘সহায় The Helping Hand’ৰ  সভাপতি কৌস্তভ সিংহই।