মাৰ্ঘেৰিটাত ‘সহায় দা হেল্পিং হেণ্ড’ৰ প্ৰথমবাৰ্ষিক প্ৰতিষ্ঠা দিৱস; বুঢ়ীদিহিং নৈ পৰিষ্কাৰেৰে দেখুৱালে নিদৰ্শন

Sahay-Margherita

ফটো: নৰ্থইষ্ট নাও।

সহায় দা হেল্পিং হেণ্ড নামৰ বেচৰকাৰী সংগঠনটোৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি মাৰ্ঘেৰিটা চেগুনবাৰী চাহ ফেক্টৰিৰ কাষতে থকা সভাকক্ষত দেওবাৰে আড়ম্বৰপূৰ্ণ ভাৱে অনুষ্ঠিত হয়।

পুৱা ১০ বজাত এন জি অ’টোৰ সদস্য সকলে লিডুস্থিত কেন্দ্ৰীয় নামঘৰত এগছি বন্তি আৰু শৰাই আগবঢ়াই সমাজৰ মংগল কামনা কৰে।

ইয়াৰ পাছতেই দিনৰ ১১ বজাত মাৰ্ঘেৰিটা চেগুনবাৰী চাহ ফেক্টৰি কাষত থকা সভাকক্ষত অনুষ্ঠিত মুকলি সভাত পৌৰোহিত্য কৰে এন জি অ’টোৰ সভানেত্ৰী পায়েল দে’ই।

অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ সভাপতি দেৱজিৎ বৰুৱা, জিলা সাংবাদিক সংস্থাৰ কাৰ্য্যনিৰ্বাহক সদস্য তথা মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ মুখপাত্ৰ সাংবাদিক মানস প্ৰতিম গগৈ।

সহায়ৰ সদস্যা জাগৃতি শৰ্মাই আঁ‌ত ধৰা অনুষ্ঠানত সভাৰ উদেশ্য ব্যাখ্যা কৰে সম্পাদক কৌস্তুভ সিঙে।

সভাৰ মুখ্য অতিথিৰ ভাষণত দেৱজিৎ বৰুৱাই কয় যে নৱপ্ৰজন্মৰ ছাত্ৰ-ছাত্ৰীৰে গঠিত বেচৰকাৰী সংগঠনটোৱে মাৰ্ঘেৰিটাৰ লগতে ইয়াৰ উপকণ্ঠ অঞ্চলত বহুকেইটা গুৰুত্বপূৰ্ণ কাৰ্যসূচী ৰূপায়ণ কৰিছে। তাৰ ভিতৰত মাৰ্ঘেৰিটা নগৰৰ মাজেৰে যোৱা বুঢ়ীদিহিং নৈৰ ৰেলৱৈ দলঙৰ তল অংশ পৰিষ্কাৰ কৰাৰ বাবে যি উদ্যোগ লৈছিল সেইয়া নিশ্চয় প্ৰকৃতি পৰিৱেশ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত উল্লেখযোগ্য কৰ্ম হিচাপে বিবেচিত হ’ব।

আনহাতে, বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা সাংবাদিক মানস প্ৰতিম গগৈয়ে ভাষণ প্ৰসংগত কয় যে সহায় দা হেল্পিং হেণ্ডে বিশেষকৈ লকডাউনৰ সময়ত ডিগবৈ, মাৰ্ঘেৰিটা, বৰগোলাই, লিডু আদি অঞ্চলত পদপথত, ৰে’লৱে ষ্টেচনত বাস কৰা লোক সকলৰ মাজত নিয়মীয়াকৈ খাদ্যবস্তু, কাপোৰ বিতৰণৰ লগতে চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰি ভূপেন দাৰ ‘মানুহে মনুহৰ বাবে’ শীৰ্ষক গীতৰ প্ৰতিটো শব্দ আখৰে আখৰে পালন কৰিছে।

সভাত সহায়ৰ সদস্য প্ৰিঞ্চু চেতিয়া, প্ৰকাশ শৰ্মায়ো ভাষণ প্ৰদান কৰে। উল্লেখ্য যে মাৰ্ঘেৰিটা, লিডু আদি অঞ্চলৰ মহাবিদ্যালয় আৰু বিদ্যালয়ৰ একাংশ সমাজৰ প্ৰতি সুস্থ চিন্তা কৰা মনৰ ছাত্ৰ-ছাত্ৰী একগোট হৈ অঞ্চলটোত এই বেচৰকাৰী সংগঠনটোৰ উদ্যোগত বহু ভাল সামাজিক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে।