জয়শ্ৰী গোস্বামী মহন্ত আৰু ফুকন চন্দ্ৰ বসুমতাৰীলৈ সাহিত্য অকাডেমী বঁটা

২০১৯ বৰ্ষৰ সাহিত্য অকাডেমী বঁটাৰ বাবে অসমৰ দুগৰাকীকৈ সাহিত্যিক ক্ৰমে ড০ জয়শ্ৰী গোস্বামী মহন্ত আৰু ড০ ফুকন চন্দ্ৰ বসুমতাৰীৰ নাম ঘোষিত হৈছে।

গোস্বামীয়ে তেওঁৰ গৱেষণামূলক গ্ৰন্থ ‘চাণক্য’ আৰু বসুমতাৰীয়ে তেওঁৰ বড়ো কবিতা পুথি ‘অখাই অথোমনিপ্ৰায়’ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছে।

অৱশ্যে এই বঁটাৰ বাবে নিৰ্বাচিত হোৱাৰ পাছতো জয়শ্ৰী গোস্বামী মহন্ত সম্পূৰ্ণৰূপে সুখী নহয় বুলি সংবাদমাধ্যমৰ আগত মন্তব্য কৰে।

‘অসমীয়া ৰাইজৰ যি দুৰ্দিন চলিছে, এই দুৰ্দিনৰ সময়ত অসমীয়া পঢ়ুৱৈসকলৰ কাৰণে এই খবৰে আশাৰ পোহৰ আনিব। এই দুৰ্দিনৰ বতৰত অসমীয়া সাহিত্যই স্বীকৃতি পোৱাটো এটা ভালখবৰ। কিন্তু মই যিমান আনন্দ লাভ কৰিব লাগিছিল সেই আনন্দ লাভ কৰিব পৰা নাই। মই সম্পূৰ্ণৰূপে আনন্দ উফভোগ কৰিব পৰা নাই। দুখৰে এই খবৰটো ল’বলগীয়া হৈছে।‘ সংবাদ মাধ্যমৰ আগত এইদৰে কয় মহন্তই।

মহন্তই ‘কা’ বিৰোধী আন্দোলনৰ চহিদ আৰু নিৰ্য্যাতিত পৰিয়াললৈ বঁটাৰ ধন আগবঢ়াব বুলি জানিবলৈ দিয়ে।

চাণক্য গ্ৰন্থখনৰ জৰিয়তে সেইসময়ৰ ৰাজনীতি, কুটনীতি, পৰিবেশ পৰিস্থিতি সামৰি লোৱা হৈছে বুলি মহন্তই উল্লেখ কৰি লগতে কয় ‘সেয়াও আছিল অত্যাচাৰী শাসকৰ বিৰুদ্ধে সাধাৰণ প্ৰজাৰ বিদ্ৰোহ। অৱশেষত অত্যাচাৰী শাসক পৰাজয় হ’ল, ধুলিস্যাৎ হ’ল আৰু সাধাৰণ প্ৰজাৰ বিজয় হ’ল। আজিৰ সময়ৰ সৈতে চাণক্যৰ সময়ৰ কিছু মিল আছে।‘

আনহাতে, এই বঁটাৰ বাবে নিৰ্বাচিত হৈ সুখী বুলি মন্তব্য কৰে ড০ ফুকন চন্দ্ৰ বসুমতাৰীয়ে।

উল্লেখযোগ্য যে, প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পত্নী জয়শ্ৰী গোস্বামী মহন্ত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপিকা আছিল তথা তেওঁ ২০১৮ চনত পদ্মশ্ৰী উপাধি লাভ কৰিবলৈ সক্ষম হৈছিল।

আনহাতে, ড০ ফুকন চন্দ্ৰ বসুমতাৰী বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ বড়ো বিভাগৰ এচ’চিয়েট প্ৰফেচাৰ হিচাপে কৰ্মৰত হৈ আছে। দুয়োগৰাকী সাহিত্যিককে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অভিনন্দন জ্ঞাপন কৰে।