মেট্ৰিক পৰীক্ষাৰ ফলাফলকলৈও দ্বিতীয় দিনাও অপ্ৰীতিকৰ ঘটনা অব্যাহত থাকিল কোকৰাঝাৰ জিলাত ।
আজি কোকৰাঝাৰ জিলাৰ চালাকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত একাংশ অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাৱ্যস্ত কৰে।
পৰীক্ষাৰ ফলাফলত প্ৰধান শিক্ষকে বিসংগতি কৰাৰ অভিযোগ কৰি ছাত্ৰ ছাত্ৰীসকলে প্ৰতিবাদ সাব্যস্ত কৰে ।
উত্তেজিত হৈ পৰা ছাত্ৰ ছাত্ৰীসকলক পিছত আৰক্ষীয়ে লাঠীচালনা কৰে | ফলত বহু কেইগৰাকী ছাত্ৰ ছাত্ৰী গুৰুতৰভাব আঘাতপ্ৰাপ্ত হয়
উল্লেখ্য যে চালাকটি উচ্চ- মাধ্যমিক বিদ্যালয়ত মুঠ ২৮৪ গৰাকী মেট্ৰিক পৰীক্ষাৰ্থীৰ মাজত কেৱল ৪৭ গৰাকীহে উত্তীৰ্ণ হৈছে।
আনহাতে কোকৰাঝাৰ দেৱৰগাঁও উচ্চ- মাধ্যমিক বিদ্যালয়তো প্ৰতিবাদ সাৱ্যস্ত কৰে পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীয়ে ।
ছাত্ৰ-ছাত্ৰীসকল বিদ্যালয়ৰ প্ৰিন্সিপালক ঘেৰাও কৰে | অসমৰ শিক্ষা বিভাগৰ এনে নীতিকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থাই |
ছাত্ৰ ছাত্ৰীক এনে নিৰ্মম ভাবে প্ৰহাৰ কৰা কাৰ্যকো কঠোৰ ভাষাৰে গৰিহণা ধৰিছে এবিএমছুৱে।