NORTHEAST NOW (Assamese)

বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাৰ আমৰণ অনশন কাৰ্যসূচী প্ৰত্যাহাৰ

February 17, 2019 12:46 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো

সদৌ অসম বেতন বঞ্চিত কৰ্মৰত প্ৰাথমিক শিক্ষক সন্থাই যোৱা ১৫ ফেব্ৰুৱাৰিৰ পৰা লখিমপুৰৰ ত্যাগক্ষেত্ৰত আৰম্ভ কৰা আমৰণ অনশন কাৰ্যসূচী ১৬ ফেব্ৰুৱাৰিৰ সন্ধিয়া প্ৰায় ৭ বজাত প্ৰত্যাহাৰ কৰে।

অনশনস্থলীত ৰাজ্যিক শিক্ষা মন্ত্ৰী পল্লৱলচন দাস উপস্থিত হৈ বেতনবঞ্চিত শিক্ষকসকলৰ সমস্যা শীঘ্ৰে সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাত সংগঠনটোৱে তেওঁলোকৰ অশন কাৰ্যসূচী প্ৰত্যাহাৰ কৰে।

উল্লেখযোগ্য যে শিক্ষা মন্ত্ৰীৰ লগত যোৱা বছৰৰ ৭ ছেপ্টেম্বৰত শিক্ষক সন্থাৰে অনুষ্ঠিত আলোচনাত শিক্ষা মন্ত্ৰী গৰাকীয়ে দুমাহৰ ভিতৰত শিক্ষকসকলৰ পদ নিয়মীয়াকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু বৰ্তমানলৈকে শিক্ষকসকলৰ পদ নিয়মীয়াকৰণ নকৰিলে যাৰ ফলত ১৫ ফেব্ৰুৱাৰিৰ পৰা তেওঁলোকে আমৰণ অনশন কাৰ্যসূচী হাতত লৈছিল।

এই অনশন কাৰ্যসূচীত লখিমপুৰ, ধেমাজি, জোনাই, মাজুলী, শিৱসাগৰ, নলবাৰী আদিৰ শতাধিক শিক্ষকে অংশ গ্ৰহণ কৰে।

Related News