NORTHEAST NOW (Assamese)

অভিনেতা ছলমান খানৰ ঘৰত আৰক্ষীৰ অপৰাধ শাখাৰ অভিযান; জামিনৰ পিছৰ পৰা পলাতক অৱস্থাত আছিল

October 11, 2019 9:40 am · এন ই নাও নিউজ

বলিউদৰ জনপ্ৰিয় অভিনেতা তথা দাবাং ষ্টাৰ ছলমান খানৰ মুম্বাইস্থিত বাসগৃহত ১০ অক্টোবৰত ক্ৰাইম ব্ৰান্সে এক অভিযান চলাই।

আৰক্ষী বিষয়াই জনোৱা অনুসৰি অপৰাধ শাখাৰ য়ুনিট ৪ এ অভিনেতা ছলমান খানৰ বাসগৃহত অভিযান চলাই সিদ্ধেশ্বৰ ৰাণা (৬২) নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সিদ্ধেশ্বৰ বিগত ২০ বছৰ ধৰি ছলমানৰ বাসগৃহ চোৱা-চিতা কামত নিয়োজিত হৈ আছিল। আৰু এই সিদ্ধেশ্বৰ হ’ল মুম্বাই আৰক্ষীৰ ম’ষ্ট ৱাণ্টেড লিষ্টৰ এজন।

এই সিদ্ধেশ্বৰৰ বিৰুদ্ধে চোৰ আৰু মাৰপিটৰ কেইবাটাও গোচৰ ৰুজু আছিল। ১৯৯০ চনতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সিদ্ধেশ্বৰক। আৰু ইয়াৰ পিছত জামিনত মুকলি হোৱাৰ পিছৰে পৰা সিদ্ধেশ্বৰ আদালতত উপস্থিত হোৱা নাছিল আৰু পলাতক অৱস্থাত আছিল।

ফলত আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত সিদ্ধেশ্বৰ অভিনেতা ছলমান খানৰ ঘৰত কাম কৰি থকা বুলি জানিব পাৰি অভিযান চলাই সিদ্ধেশ্বৰক গ্ৰেপ্তাৰ কৰে।

Related News