NORTHEAST NOW (Assamese)

চামগুৰি আৰক্ষীৰ বৃহৎ সাফল্য! লোমহৰ্ষক হত্যাকাণ্ডৰ মূল হত্যাকাৰীক গ্ৰেপ্তাৰ

April 25, 2021 11:35 am · বিদ্যুৎজ্যোতি বৰা
Updated: April 25, 2021 12:30 pm
চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা হত্যাকাৰীকেইজন। ফটো: নৰ্থইষ্ট নাও।

নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত পুৰণিগুদামত যোৱা ৫ মাৰ্চত সংঘটিত হোৱা লোমহৰ্ষক হত্যাকাণ্ডৰ মূল হত্যাকাৰী তিনিটাক আৰক্ষীয়ে কৰায়ত্ত্ব কৰিবলৈ সক্ষম হৈছে।

নগাঁও জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰু কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাস, চামগুৰি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কৃষ্ণকান্ত দলে আৰু পুৰণিগুদাম আৰক্ষীৰ সহযোগত শুকুৰবাৰে নিশা বিভিন্ন ঠাইত আত্মগোপন কৰি থকা তিনি মূল হত্যাকাৰীক কৰায়ত্ত্ব কৰিবলৈ সক্ষম হয়।

গড়মূৰৰ উদীয়মান ব্যৱসায়ী নৱজ্যোতি গায়নক হত্যা কৰা তিনি খলনায়ক হৈছে চাৰিদুৱাৰ দিপাঙ্কৰ কোচ (৩২), চামগুৰিৰ শিঙিয়াৰ মিণ্টু বৰা,পুৰণিগুদাম গড়মূৰৰ কেশৱ গায়ন।

উল্লেখ্য যে, যোৱা ৫ মাৰ্চত তিনিও অপৰাধীয়ে যোৰহাটলৈ বুলি নৱজ্যোতি গায়নৰ গাড়ীখন ভাড়ালৈ নি বাটতে তেওঁক হত্যা কৰি বোকাজানৰ ৰে’ল আলিত মৃতদেহ পেলাই থৈ গৈছিল।

Related News