আৰক্ষীৰ মূৰৰ কামোৰণি দুৰ্ধর্ষ চোৰ তথা হত্যাকাৰী আব্দুল কাদিৰক গ্ৰেপ্তাৰ

VideoCapture_20190509-192454

আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুৰ্ধৰ্ষ চোৰ, হত্যাকাৰী আব্দুল কাদিৰ। ফটো : নৰ্থইষ্ট নাও

নগাঁও আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা দুৰ্ধর্ষ চোৰ তথা হত্যাকাৰী আব্দুল কাদিৰক যোৱা নিশা চামগুৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

যোৱাটো বৰ্ষৰ ২৯ ডিচেম্বৰত চামগুৰি আৰক্ষী থানাৰ অধীনৰ বৰমা বিলত নিশা ছাগলী চুৰ কৰিবলৈ আহি গৃহস্থৰ সতে মুখামুখি হোৱাত গভাইত চোৰ আব্দুল কাদিৰে আন কেইবাজনো সহযোগীৰ সতে এ এচ ০২ ইউ ১৩১৫ নম্বৰৰ এখন এল্ট’ গাড়ীৰে গৃহস্থ আব্দুল হাইক ৰচী লগাই হিন্দী চিনেমাৰ ষ্টাইলত চোঁচৰাই হত্যা কৰি পথৰ কাষত পেলাই থৈ গৈছিল।

পৰৱৰ্তী সময়ত আৰক্ষীয়ে অনুসন্ধান কৰি হত্যাকাণ্ডত ব্যৱহৃত গাড়ী সহ আন এক অভিযুক্ত আনাৰুল হকক নগাঁও লাওগাওঁৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। ঘটনা সংঘটিত কৰিয়েই হত্যাকাণ্ডৰ আন এক মূল অভিযুক্ত আব্দুল কাদিৰে আৰক্ষীৰ চকুত ধুলি দি পলাতক হৈ আছিল।

বুধবাৰে নিশাও মূল হত্যাকাৰী তথা গভাইত চোৰ আব্দুল কাদিৰে ৰূপহীহাটত গৰু চোৰ কৰিবলৈ যোৱাত স্থানীয় লোকৰ সহযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত আব্দুল কাদিৰৰ ঘৰ নগাঁও লাওগাঁৱত বুলি জানিব পৰা গৈছে।

চামগুৰি আৰক্ষীয়ে হত্যাকাৰী তথা গভাইত চোৰ আব্দুল কাদিৰৰ বিৰুদ্ধে চামগুৰি আৰক্ষী থানাত ৮৪০/১৮ নম্বৰত এক গোচৰ ৰজু কৰি ভাৰতীয় দণ্ড বিধি আইন ৩৮০/৩০২ নম্বৰৰ অধীনত ৰঙাঘৰলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।