দেশৰ প্ৰবীণতম সাংসদ ছফিকুৰ ৰহমান বৰ্কৰ দেহাৱসান ঘটিছে। সমাজবাদী পাৰ্টিৰ এইজন সাংসদৰ বয়স আছিল ৯৪ বছৰ। তেওঁ উত্তৰ প্ৰদেশৰ সম্ভলৰ সাংসদ সদস্য আছিল। দীৰ্ঘদিন ধৰি তেওঁ বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ আছিল।
শেহতীয়াকৈ তেওঁৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটাত তেওঁক মোৰাদাবাদৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। মঙলবাৰে তাতেই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।
সম্ভলৰ পৰা চাৰিবাৰ বিধায়ক হৈছিল ছফিকুৰ ৰহমান বৰ্ক। মন্ত্ৰিত্বও লাভ কৰিছিল। পিছলৈ তেওঁ ক্ৰমে ১৯৯৬, ১৯৯৮, ২০০৪, ২০০৯ চনত চাৰিবাৰকৈ বিজয়ী হৈ সাংসদ হয়। পিছত ২০১৯ চনত পুনৰ লোকসভা নিৰ্বাচনত জয়লাভ কৰি পঞ্চমবাৰৰ বাবে সাংসদ হিচাপে নিৰ্বাচিত হয়।
লগতে পঢ়কঃ ঘড়ীৰ দাম ৪৫৬ কোটি! হীৰাৰ ওপৰত হীৰা খটোৱা বিশ্বৰ আটাইতকৈ দামী ঘড়ীটো কোন কোম্পানীৰ?
তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে সমাজবাদী পাৰ্টিয়ে। লগতে অখিলেশ যাদৱৰ দলটোৱে প্ৰবীণ নেতাগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।
সন্মুখত লোকসভা নিৰ্বাচন। এইবাৰো তেওঁ নিৰ্বাচনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা আছিল। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধুৰী চৰণ সিঙৰ হাত ধৰি ৰাজনীতিত প্ৰৱেশ কৰিছিল বৰ্কে। প্ৰধানমন্ত্ৰী মোডীৰ প্ৰশংসাও বুটলিছে আৰু নিজৰ ৰাজনৈতিক জীৱনত বহু বিতৰ্কৰ সৈতে জড়িত হৈ পৰিছে বৰ্ক।
লগতে পঢ়কঃ ম্যানমাৰত ৰোহিংগীয়াসকলক জোৰ কৰি সামৰিক বাহিনীত ভৰ্তি হ’বলৈ বাধ্য কৰাইছে জুন্টা চৰকাৰে
বন্দে মাতৰমৰ ওপৰত বা আফগানিস্তানত তালিবান শাসন আৰম্ভ হোৱাৰ সময়ত তেওঁৰ মন্তব্যক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল। বিশেষকৈ ভাৰতৰ স্বাধীনতা সংগ্ৰামীসকলক তালিবান উগ্ৰপন্থীৰ সৈতে তুলনা কৰাৰ বাবে বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী সমালোচনাৰ সন্মুখীন হৈছিল।