অভিনৱ লুক! ৩০ কিলোগ্ৰাম ওজনৰ শাৰী, ৩ কোটি টকাৰ অলংকাৰ পিন্ধি ‘শকুন্তলা’ হ’ল সামান্থা!

সামান্থা ৰুথ প্ৰভু দক্ষিণৰ চলচ্চিত্ৰৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী। তেওঁ অলপতে এটা বিৰল ৰোগত আক্ৰান্ত হৈছিল। তথাপি তেওঁ থমকি ৰ’বলৈ ইচ্ছুক নহয়। ‘শকুন্তলম’ ছবিৰ মুক্তিৰ উপৰিও আন কেইবাখনো চলচ্চিত্ৰৰ কামত ব্যস্ত হৈ আছে দক্ষিণৰ মোহময়ী অভিনেত্ৰীগৰাকী।

‘শকুন্তলম’ৰ ট্ৰেইলাৰ জানুৱাৰীত মুক্তি দিয়া হৈছিল। বাতৰি অনুসৰি, দক্ষিণৰ তাৰকা পৰিচালক গুণশেখৰৰ এই ছবিখনত সামান্থাই ৩০ কিলোগ্ৰাম ওজনৰ শাৰী পিন্ধি দৃশ্যগ্ৰহণ কৰিছিল। সেই দৃশ্যৰ দৃশ্যগ্ৰহণ এদিন বা দুদিনৰ বাবে নহয়, এসপ্তাহ ধৰি চলিছিল।

‘শকুন্তলম’ ছবিখন কবি কালিদাসৰ নাটক ‘অভিজ্ঞান শকুন্তলম’ৰ ওপৰত আধাৰিত। সামান্থাই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে। আনহাতে দক্ষিণৰ অভিনেতা দেৱ মোহনে মহাৰাজা দুষ্মন্তৰ চৰিত্ৰত অভিনয় কৰিছে।

কবীৰ বেদী, প্ৰকাশ ৰাজ, অদিতি বালান, গৌতমী আৰু অন্যান্যসকল গুৰুত্বপূৰ্ণ ভূমিকাত আছে। এই চলচ্চিত্ৰখনত দক্ষিণৰ তাৰকা আল্লু অৰ্জুনৰ ৯ বছৰীয়া কন্যা আল্লু আৰহাৰে চেলুলইডত ভূমুকি মাৰিছে। শিশু আৰহাক দুষ্মন্ত আৰু শকুন্তলাৰ পুত্ৰৰ ভাৰতৰ চৰিত্ৰত দেখা যাব।

গুণশেখৰৰ দ্বাৰা পৰিচালিত এই ছবিখন তেলেগু, তামিল, কানাড়া, মালায়ালম আৰু হিন্দী পাঁচটা ভাষাত মুক্তি দিয়া হ’ব। ছবিখনৰ এটা থ্ৰি ডি সংস্কৰণো থাকিব। ‘শকুন্তলম’ অহা ১৭ ফেব্ৰুৱাৰীত ছবিগৃহত মুক্তি পাব।

ইপিনে, সামান্থাই ইতিমধ্যে আন এটা কাম হাতত লৈছে। ‘দ্য ফেমিলি মেন’ খ্যাত অভিনেত্ৰীগৰাকীয়ে ‘চিটাডেল’ৰ ভাৰতীয় সংস্কৰণত বৰুণ ধাৱানৰ সৈতে অভিনয় কৰিছে। তাৰ কামো আৰম্ভ হৈছে।

এইবাৰ ‘চিটাডেল’ত সামান্থাৰ লুক প্ৰকাশ পাইছে। অভিনেত্ৰীগৰাকীয়ে ক’লা জেকেট, জিন্স আৰু চানগ্লাছ পিন্ধিছে। সামান্থাৰ এই নতুন অৱতাৰ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।

প্ৰিয়ংকা চোপ্ৰাও সামান্থাৰ এই নতুন অৱতাৰত মুগ্ধ হৈছে। প্ৰিয়ংকাই সামাজিক মাধ্যমত সামান্থাৰ চেহেৰাৰ প্ৰশংসা কৰিছে। দেশী গাৰ্ল প্ৰিয়ংকাই ‘গেম অফ থ্ৰোনছ’ খ্যাত অভিনেতা ৰিচাৰ্ড মেডেনৰ সৈতে ৰুচো ব্ৰাদাৰ্ছৰ ‘চিটাডেল’ ছিৰিজত অভিনয় কৰিছে।