‘অভিনেত্ৰীসকলৰ সুৰক্ষাৰ দায়িত্ব লওক চৰকাৰে’, তেলেগু চলচ্চিত্ৰ উদ্যোগৰ হৈ আহ্বান সামান্থাৰ

সামান্থা ৰুথ প্ৰভু। ফাইল ফটো।

হেমা আয়োগৰ প্ৰতিবেদনৰ পিছৰে পৰা কানাড়া, মালয়ালম চলচ্চিত্ৰ উদ্যোগটোত তোলপাৰ লাগিছে। এই কমিটীৰ প্ৰতিবেদনৰ পিছতে কেৰালাৰ শীৰ্ষ শিল্পী সংগঠন আম্মা বা এছ’চিয়েচন অৱ মালয়ালম মুভি এক্টৰছ ভংগ কৰা হয়। মালয়ালীৰ মেগাষ্টাৰ মোহনলালে এই সংগঠনৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে। এইবাৰ নায়িকাসকলৰ সমৰ্থনত মুখ খুলিছে সামান্থা ৰুথ প্ৰভুৱে।

হেমা আয়োগৰ প্ৰতিবেদনৰ শলাগ লৈ সামান্থাই কয়, ‘আমি তেলেগু চলচ্চিত্ৰ উদ্যোগৰ মহিলাসকলে হেমা সমিতিৰ প্ৰতিবেদনক আদৰণি জনাইছো আৰু কেৰালাত ডব্লিউ চি চিৰ অবিৰত প্ৰচেষ্টাক শলাগ লৈছো, যিয়ে এই মুহূৰ্তলৈ বাট দেখুৱাইছে।

লগতে পঢ়কঃ ছাৰ্কাছ, ষ্টান্টৰ পৰিণতি! এইবাৰ আৱাহন থিয়েটাৰত অঘটন, ফটকাৰ বিস্ফোৰণত আহত দুই দৰ্শক

তেওঁ লগতে কয় যে আমি তেলেংগানা চৰকাৰক অনুৰোধ কৰিছো যে যৌন নিৰ্যাতনৰ ওপৰত দাখিল কৰা উপ-সমিতিৰ প্ৰতিবেদন প্ৰকাশ কৰক, যিয়ে টিএফআই (তেলেগু চলচ্চিত্ৰ উদ্যোগ)ত মহিলাসকলৰ বাবে এক নিৰাপদ কৰ্ম পৰিৱেশ গঢ়াৰ বাবে চৰকাৰী আৰু উদ্যোগৰ নীতি প্ৰণয়নত সহায় কৰিব পাৰে।’

সাক্ষী আৰু অভিযুক্তৰ নাম সমশোধন কৰাৰ পিছত প্ৰকাশ পোৱা ন্যায়াধীশ হেমা কমিটীৰ ২৩৫ পৃষ্ঠাৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে মালয়ালম চলচ্চিত্ৰ উদ্যোগটো ১০-১৫ জন পুৰুষ প্ৰযোজক, পৰিচালক আৰু অভিনেতাৰ দ্বাৰা নিয়ন্ত্ৰিত।

লগতে পঢ়কঃ আবকাৰী কনিষ্টবল পদৰ শাৰীৰিক পৰীক্ষাৰ সময়ত কেইবাজনো চাকৰিপ্ৰাৰ্থীৰ মৃত্যু, তদন্ত আৰক্ষীৰ

ৰাজ্য চৰকাৰে ২০১৭ চনত গঠন কৰি দিয়া তিনিজনীয়া ন্যায়াধীশ হেমা সমিতিয়ে ২০১৯ চনত প্ৰতিবেদন দাখিল কৰে। আইনী প্ৰত্যাহ্বানৰ বাবে এতিয়াও প্ৰকাশ পোৱা নাই প্ৰতিবেদন।

সামন্থাই কয় যে তেলেংগানা চৰকাৰে কেৰালাৰ শৈলীত এখন কমিটী গঠন কৰিলে টলিউড বহুখিনি উপকৃত হ’ব।