Samantha Ruth Prabhu shares a heartfelt note দক্ষিণ ভাৰতৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা ৰুথ প্ৰভু এক বিৰল ৰোগত ভুগি আছে। শনিবাৰে তেওঁ নিজেই সামাজিক মাধ্যমত খৱৰটো জানিবলৈ দিছে। সামান্থাই নিজৰ এখন ফটোও পোষ্ট কৰিছে য’ত তেওঁৰ হাতত লগোৱা আছে পাইপ।
সামান্থাই দীৰ্ঘদিন ধৰি দক্ষিণৰ চলচ্চিত্ৰত অভিনয় কৰি আহিছে। তেওঁ ‘দ্য ফেমিলি মেন ২’ ছিৰিজৰ জৰিয়তে সমগ্ৰ ভাৰতৰ দৰ্শকৰ পৰা প্ৰশংসা লাভ কৰিছে। সামান্থাই ছিৰিজটোত ৰাজীৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ ইয়াৰ বাবে কেইবাটাও বঁটা লাভ কৰিছে।
শেহতীয়াভাৱে অতি জনপ্ৰিয় হৈ পৰা ‘পুষ্পা: দ্য ৰাইজ’ ছবিখনত সামান্থাৰ আইটেম নৃত্যটোও অতি জনপ্ৰিয় আছিল। সামান্থাক পৰৱৰ্তী সময়ত তেলেগু বিজ্ঞান কল্পকাহিনীৰ থ্ৰিলাৰ ‘যশোধা’ত দেখা যাব।
কেইদিনমান পূৰ্বে সামান্থাৰ ‘যশোধা’ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছিল। সামান্থাই শনিবাৰে ট্ৰেইলাৰটো চোৱাৰ বাবে অনুৰাগীসকলক ধন্যবাদ জনাইছে। তেতিয়াই তেওঁ কয় যে তেওঁ মায়োচাইটিছ নামৰ এক বিৰল অটোইমিউন অৱস্থাত আছে।
জানিব পৰা মতে এনে অৱস্থাত শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীয়ে ভাল আৰু শক্তিশালী কোষবোৰক শত্ৰু হিচাপে ধৰি লৈ আক্ৰমণ কৰে। ফলস্বৰূপে ভাগৰ লগা, পেশীত যথেষ্ট বিষ হোৱা আদি বহুতো সমস্যা দেখা দিয়ে।
সামান্থাই ভাবিছিল যে আৰোগ্য হোৱাৰ পিছত তেওঁ সকলোকে ৰোগটোৰ বিষয়ে ক’ব। কিন্তু এই ৰোগটো আৰোগ্য হ’বলৈ এতিয়াও দীঘলীয়া সময় লাগিব। সেয়ে অনুৰাগীসকলক খবৰটো দিয়েই দিলে অভিনেত্ৰীগৰাকীয়ে।
চিকিৎসকসকলে সামান্থাক আশ্বাস দিছে যে তেওঁ সম্পূৰ্ণৰূপে আৰোগ্য হ’ব। অৱশ্যে অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ প্ৰতিদিনে যথেষ্ট যন্ত্ৰণাত কটাইছে। এই অৱস্থাতেই তেওঁ ‘যশোদা’ চলচ্চিত্ৰখনৰ বাবে ডাব কৰিছে। তেওঁৰ বিশ্বাস যে সোনকালেই তেওঁ এটা সুস্থ জীৱনলৈ ঘূৰি আহিব।