NORTHEAST NOW (Assamese)

সম্ভল জামা মছজিদৰ জৰীপ গোচৰ : মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

May 19, 2025 8:00 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 19, 2025 7:11 pm

উত্তৰ প্ৰদেশৰ সম্ভলৰ জামা মছজিদ সন্দৰ্ভত বিবাদ গোচৰত মুছলমান পক্ষৰ পুনৰীক্ষণ আবেদন নাকচ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে।

দেৱানী আদালতৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এই আবেদন দাখিল কৰা হৈছিল। ইয়াৰ সমান্তৰালকৈ উচ্চ ন্যায়ালয়েও জৰীপ স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰিছে।

এই সমীক্ষাৰ বিৰুদ্ধে মুছলমান পক্ষই দাখিল কৰা আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে।

এই শ্বাহী জামা মছজিদটো হিন্দু মন্দিৰ বুলি দাবী কৰি আদালতত গোচৰ ৰুজু কৰা হৈছিল, তাৰ পিছত এই ধৰ্মীয় স্থানক লৈ আইনী বিবাদৰ সৃষ্টি হৈ আহিছে।এই গোচৰটো ২০২৪ চনৰ ১৯ ​​নৱেম্বৰত দাখিল কৰা হৈছিল আৰু সেইদিনা সন্ধিয়া আৰক্ষী আৰু প্ৰশাসনৰ উপস্থিতিত মছজিদটোৰ জৰীপ কৰা হৈছিল।

Related News