ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতি দিবলৈ অনুৰোধ জনাই উচ্চতম ন্যায়ালয়ত দাখিল কৰা হৈছিল একাধিক আবেদন। ১৮ এপ্ৰিল, মঙলবাৰে উচ্চতম ন্যায়ালয়ে সমলিংগ বিবাহৰ এই গোচৰৰ শুনানি গ্ৰহণ কৰে।
এই গোচৰৰ শুনানি গ্ৰহণ কৰে পাঁচজন ন্যায়াধীশ ক্ৰমে – মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুদ, ন্যায়াধীশ পি এছ নৰসিংহ, ন্যায়াধীশ ৰবীন্দ্ৰ ভাট, ন্যায়াধীশ সঞ্জয় কিষাণ কৌল আৰু ন্যায়াধীশ হিমা কোহলীয়ে।
কিন্তু কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত সকলো গোচৰ খাৰিজ কৰিবলৈ দেশৰ শীৰ্ষ আদালতত আবেদন জনাইছে। সমলিংগ বিবাহক লৈ আপত্তি প্ৰকাশ কৰিছে কেন্দ্ৰই। কেন্দ্ৰৰ মতে সমলিংগ বিবাহ ভাৰতীয় পাৰিবাৰিক সংস্কৃতিৰ লগত কেতিয়াও সামঞ্জস্যপূৰ্ণ নহয়।
সমলিংগ বিবাহৰ গোচৰত উচ্চতম ন্যায়ালয়ত কেন্দ্ৰই কয় যে সমলিংগ বিবাহ হৈছে এক ‘আৰ্বান এলিট কনচেপ্ট’ আৰু আমাৰ সমাজত কুপ্ৰভাৱ পেলাব পাৰে। কেন্দ্ৰীয় চৰকাৰৰ মতে ভাৰতৰ এক বৃহৎ জনসংখ্যা সৰু চহৰ আৰু গাঁৱত বাস কৰে। এনে বিবাহক বৈধতা প্ৰদান কৰিলে সকলোৰে বাবে সমস্যাৰ সৃষ্টি হ’ব। গতিকে সকলো দিশৰ প্ৰতি লক্ষ্য ৰাখি আইন প্ৰণয়ন কৰাটো সংসদৰ কাম। উচ্চতম ন্যায়ালয়ে এই কাম কৰা উচিত নহয়।
সমলিংগ বিবাহক আইনী স্বীকৃতি দিয়াৰ পৰা বিৰত থাকিব লাগে বুলি কেন্দ্ৰীয় চৰকাৰে কয় যে আইনী বিবাহ কেৱল এজন পুৰুষ আৰু এগৰাকী মহিলাৰ মাজতহে হয়। যদি সমলিংগ বিবাহ বৈধ হ’লহেঁতেন তেন্তে সাধাৰণ আইন বিবাহৰ চৰ্ত উলংঘা হ’লহেঁতেন। ইয়াৰ দ্বাৰা বিবাহৰ সমগ্ৰ সামাজিক, সাংস্কৃতিক আৰু আইনী ধাৰণাটো বিঘ্নিত হ’ব।
উল্লেখ্য যে ২০১৮ চনৰ ৬ ছেপ্টেম্বৰত দেশৰ উচ্চতম ন্যায়ালয়ে সমকামিতাৰ ওপৰত এক গুৰুত্বপূৰ্ণ ৰায়দান কৰে। ভাৰতত সমলিংগ সম্পৰ্ক অপৰাধ নহয়, আৰু LGBTQAI ++ লোকসকলৰ যিকোনো সাধাৰণ নাগৰিকৰ দৰেই মৌলিক অধিকাৰ আছে বুলি উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছে।
এই ৰায়দানৰ পিছত সমাজত সমকামীৰ গ্ৰহণযোগ্যতাও বহু পৰিমাণে বৃদ্ধি পোৱা বুলি বিবেচিত হৈছে। ২০১৮ চনৰ সেই ৰায়দানৰ পিছত ভাৰতত সমলিংগ বিবাহক আইনী স্বীকৃতিৰ দাবী অধিক শক্তিশালী হৈ উঠিছিল।