চেমচন সিং ইংতি শিশু সেউজ উদ্যানৰ শ্বহীদ বেদী ধ্বংস : দুষ্কৃতিকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী কুৰিটা সংগঠনৰ

index.jpga

কাৰ্বি কালচাৰেল চ’ছাইটি কেন্দ্ৰীয় সমিতি, অল বড়ো উইমেন ৱেলফেয়াৰ ফেডাৰেশ্যন অৰ্গেনাইজেশ্যন, দেউৰী পীপলছ জাষ্টিচ ফ’ৰাম, গ্ৰেটাৰ গুৱাহাটী কালচাৰেল চ’ছাইটি (জিজিকেচিএছ), গুৱাহাটী সোণোৱাল কছাৰী সমাজ, বড়ো কালচাৰেল চ’ছাইটি গুৱাহাটী জিলা সমিতি, গুৱাহাটী বড়ো কছাৰী মঞ্চ, দেউৰী কালচাৰেল চ’ছাইটি, অল ইণ্ডিয়া ট্রাইবেল ষ্টুডেন্টছ এচ’ছিয়েচন অসম, কাৰ্বি বাংথে আচেম, আমৰি কাৰ্বি ছাত্ৰ সন্থা, কাৰ্বি আৰ্লেচ আচেম (কাৰ্বি মহিলা সমিতি), কৃষক অধিকাৰ সুৰক্ষা সমিতি, য়েইন কাৰাটে ডু একাডেমীকে আদি কৰি কুৰিটাৰো অধিক জনজাতীয় সংগঠনে সন্মিলিতভাৱে গঢ়া কাৰ্বি সমাজৰ পিতা, নৱজাগৰণৰ হোতা তথা সাহিত্যিক চেমচনসিং ইংতি শিশু সেউজ উদ্যানৰ শ্বহীদ স্তম্ভ, নামফলক, কাৰ্বি কালচাৰেল চ’ছাইটিৰ ৰক্তিম পতাকাক ধ্বংস কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে।

যোৱা ১২ নৱেম্বৰৰ দিনা কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে উদ্যানখনৰ সকলো ৰাজহুৱা সম্পত্তি ধ্বংস কৰি শ্বহীদ বেদীকো ভঙা কাৰ্যক ধিক্কাৰ দিছে আটাইকেইটা জনজাতীয় সংগঠনে।

ভাৰতীয় সাহিত্যিক হিচাপে সমগ্ৰ অসমবাসীক গৌৰৱান্বিত কৰা প্রয়াত সমাজ সংষ্কাৰক চেমচনসিং ইংতি শিশু সেউজ উদ্যানখনত চোকা তৰোৱাল লৈ প্রৱেশ কৰি বৰবাৰীৰ স্থানীয় বাসিন্দা তথা উদ্যানখনৰ সদস্যক চোকা অস্ত্ৰৰে আক্ৰমণ কৰি সন্ত্ৰাস সৃষ্টিকাৰী অসম চৰকাৰৰ এক বিয়াগোম বিভাগৰ সহকাৰী অভিযন্তা সুৰজিত সিং, স্বয়ম্ভূ শিল্পীসংগঠক ককদেৱ দিবানন্দ পেণ্ড, নেতৃত্বাধীন সংগীতম উন্নয়ণ সমিতিৰ (জনৈক লাগাচু) দুষ্কৃতিকাৰীক কোনোপধ্যে ৰেহাই নিদিবলৈ কামৰূপ জিলা-আৰক্ষী প্ৰশাসনক দাবী জনাইছে জনজাতীয় সংগঠনসমূহে৷

স্কুল-কলেজ-বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গৱেষকৰ পৰিস্থিতিতন্ত্ৰ সম্পৰ্কীয় গৱেষণাক্ষেত্র হিচাপে পৰিগণিত চেমচন সিং ইংতি শিশু সেউজ উদ্যানটিখনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে আৰক্ষীয়েও এই উদ্যানখন সুন্দৰৰূপত গঢ়ি তোলাত সহযোগিতা কৰিবলৈ অহ্বান জনাইছে জনজাতীয় সংগঠসমূহৰ লগতে বৰবাৰীৰ সমূহ সচেতন ৰাইজে।

প্রণিধানযোগ্য যে, যোৱা ১৩ নৱেম্বৰৰ কিছুমান বাতৰি কাকতত চেমচনসিং ইংতি শিশু সেউজ উদ্যানৰ, ছাত্ৰ পুথিভঁৰাল, শ্বহীদ বেদী ধ্বংস কৰাৰ বাতৰি পৰিৱেশন নকৰি ভূ-মাফিয়াৰ ভেৰোণীয়া গুন্দা হিচাপে কাম কৰা দুষ্কৃতিকাৰীৰ হৈ পক্ষপাতিত্বমূলক ভিত্তিহীন ভূৱা অপপ্রচাৰৰ বাতৰি সম্পূৰ্ণ বিপৰীত ধৰ্মী পৰিৱেশনকো আশ্চৰ্য প্রকাশ কৰিছে কা কুৰিটাৰো অধিক জনজাতীয় সংগঠনে।